কৃত্ৰিম বানৰ জলমগ্ন সমগ্ৰ নলবাৰী চহৰ : বিপাশা দাস নেতৃত্বাধীন পৌৰসভাক ধিক্কাৰ জনসাধাৰণৰ

nlb

নলবাৰীৰ পৰা হেমন্ত কলিতাৰ প্ৰতিবেদন :
পৰিবৰ্তনৰ কথা আওৰোৱা বিপাশা দাস নেতৃত্বাধীন নলবাৰী পৌৰসভাৰ ব্যৰ্থতাৰ বাবেই নলবাৰী চহৰ জলমগ্ন হৈ পৰাৰ ৰাজহুৱা অভিযোগ  উত্থাপিত হৈছে। যোৱা নিশাৰ বৰষুণতে আজি নলবাৰী চহৰৰ বিভিন্ন পথ জলমগ্ন হৈ  কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাৰ ফলত স্কুল,কলেজৰ ছাত্ৰ ছাত্ৰী,চৰকাৰী কৰ্মচাৰীকে ধৰি ৰাইজে অহা যোৱা কৰাত চৰম যাতনা ভুগিব লগা হৈছে। আৰু এই যাতনাৰ বাবেই ভুক্তভোগী নলবাৰীয়া ৰাইজেই এতিয়া নলবাৰী পৌৰসভাক ধিক্কাৰ দিয়া পৰিলক্ষিত হৈছে। ৰাইজৰ অভিযোগ মতে নলবাৰী পৌৰসভা চলোৱা পৌৰপতি বিপাশা দাস সহ পৌৰসভাৰ বিষয়া -কৰ্মচাৰীৰ অদক্ষতাৰ বাবেই এতিয়া ৰাইজে এনে সমস্যা ভোগ কৰিবলগীয়া  হৈছে ।

ইফালে নলবাৰী চহৰৰ কৃত্ৰিম বানপানী সন্দৰ্ভত বিভিন্নজনে কয় যে খৰালি মাহতে চহৰখনৰ নলা সমূহ চাফ চিকুণ নকৰাৰ ফলত সাধাৰণ বৰষুণতেই নলবাৰী চহৰ জলমগ্ন হৈ পৰিছে। বিগত তিনিটা বছৰে বিজেপি শাসিত তথা বিপাশা দাস নেতৃত্বাধীন নলবাৰী পৌৰসভাৰ অনভিজ্ঞতা আৰু  চৰকাৰী আঁচনি সমূহৰ পৰা ব্যক্তিগত মুনাফা আৰ্জিবলৈ কৰা অপচেষ্টাৰ বাবেই এতিয়া সাধাৰণ এজাক বৰষুণতেই চহৰখন জলমগ্ন হৈ পৰে বুলি  ৰাইজে  অভিযোগ কৰে।

ইফালে আজি শনিবাৰে ৰাতিপুৱাৰ পৰা হাজো পথ, বড় মহজিদ হৈ পুৰণা মেডিকেল,কলেজ ৰোড,নলবাৰী বজাৰ ,গোপাল বজাৰ ,নলবাৰী কলেজ হৈ পূৱ নলবাৰী যোৱা পথ সহ প্ৰায় চহৰৰ খনৰ আটাইবোৰ পথেই জলমগ্ন হৈ পৰে ৷ এই ক্ষেত্ৰত জনপ্ৰতিনিধিক  ধিক্কাৰ জনাইছে ৰাইজে।

Your Comments