কৃত্ৰিম বানৰ তলত সমগ্ৰ নলবাৰী, পৌৰসভাক ধিক্কাৰ ৰাইজৰ

নলবাৰীৰ পৰা হেমন্ত কলিতা

পৰিৰ্তনৰ কথা আওৰোৱা বিপাশা দাস নেতৃত্বাধীন নলবাৰী পৌৰসভাৰ ব্যৰ্থতাৰ বাবেই নলবাৰী চহৰ জলমগ্ন হৈ পৰাৰ ৰাজহুৱা অভিযোগ উঠিছে। যোৱা নিশাৰ বৰষুণতে আজি নলবাৰী চহৰৰ বিভিন্ন পথ জলমগ্ন হৈ পৰিছে। ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, চৰকাৰী কৰ্মচাৰীকে ধৰি ৰাইজে অহা যোৱা কৰাত চৰম যাতনা ভুগিব লগা হৈছে। ৰাইজৰ অভিযোগ মতে নলবাৰী পৌৰসভা চলোৱা পৌৰপতি বিপাশা দাস সহ পৌৰসভাৰ বিষয়া-কৰ্মচাৰীৰ অদক্ষতাৰ বাবেই এতিয়া ৰাইজে এনে সমস্যা ভোগ কৰিব লগিয়া হৈছে । ইফালে নলবাৰী চহৰৰ কৃত্ৰিম বানপানী সন্দৰ্ভত বিভিন্নজনে কয় যে খৰালি মাহতে চহৰখনৰ নলা সমূহ চাফ চিকুণ নকৰাৰ ফলত সাধাৰণ বৰষুণতে নলবাৰী চহৰ জলমগ্ন হৈ পৰিছে।

বিগত তিনিটা বছৰে বিজেপি শাসিত তথা বিপাশা দাস নেতৃত্বাধীন নলবাৰী পৌৰসভাই অনভিজ্ঞতা আৰু মুনাফাৰ বাবে লোৱা আঁচনিৰ ফলত এতিয়া সাধাৰণ এজাক বৰষুণতে চহৰখনত কৃত্ৰিম বানৰ সৃষ্টি হয়।  লবাৰী পৌৰসভাৰ অমনোযোগিতাৰ বাবে এনে হোৱা বুলি ক্ষোভ উজাৰিছে নলবাৰী চহৰবাসীয়ে৷ আজি শনিবাৰে ৰাতিপুৱাৰ পৰা হাজো পথ,  বড়ো মহজিদ হৈ পুৰণা মেডিকেল, কলেজ ৰোড, নলবাৰী বজাৰ, গোপাল বজাৰ, নলবাৰী কলেজ হৈ পূৱ নলবাৰীত যোৱা পথ সহ প্ৰায় চহৰৰ খনৰ আটাইবোৰ পথ জলমগ্ন হৈ পৰে

Your Comments