বিহালীত ভয়াবহ গৰাখহনীয়া:সমাজ কৰ্মী উদয় আদিত্য গোস্বামীৰ নেতৃত্বত প্ৰতিৰোধৰ চেষ্টা

gahpur

গহপুৰৰ প্ৰতিবেদক :

বিশ্বনাথ জিলাৰ মানচিত্ৰৰ পৰা নাইকীয়া হোৱাৰ উপক্ৰম হৈছে এখন গাঁও। বিশ্বনাথ জিলাৰ
 বিহালী সমষ্টিৰ  লালপুখুৰী  গাও খনত বুৰৈ নদীৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে ।
 অঞ্চলটোত গৰাখহনীয়াই দীৰ্ঘদিন ধৰি তাণ্ডৱ চলাই আহিছিল যদিও আজি দিনটো ধাৰাষাৰ বৰষুণ দি থকাৰ ফলত অধিক ৰূপত গৰাখহনী হোৱা দেখা গৈছে ।ইফালে প্ৰতি বছৰে এই লাল পুখুৰী গাৱঁখনত খহনীয়া হৈ থকাত কিছু জিঅ বেগৰ কাম এই বাৰ কৰিছিল যদিও সেইসমূহ সম্পূৰ্ণ নহোৱাত এতিয়া গাঁৱখন  নিঃশেষ হৈ যোৱাৰ দিশে অগ্ৰসৰ হৈছে। ৰাইজে বাৰে বাৰে  জিলা প্ৰশাসনক  জনাই আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে ।গাৱঁখন বাবে আন এক দুভাগ্য জনক কথা হ'ল যে বিহালী সমষ্টি আৰু গহপুৰ সমষ্টিৰ মাজত এই গাঁও খনৰ অৱস্থিতিৰ বাবেই কোনো জনপ্ৰতিনিধিৰে গাঁওখন চকুত নপৰে বুলিও এতিয়া একাংশই প্ৰশ্ন উত্থাপন কৰিছে। এই ক্ষেত্ৰত বিহালী সমষ্টিৰ বিধায়ক তথা কেৱিনেট মন্ত্ৰী ৰণজিৎ দত্তৰ হস্তক্ষেপ আশা কৰিছে স্থানীয় ৰাইজে।barak2

ইফালে এনেদৰে তীব্ৰ গতিত গৰাখহনী হোৱাত গহপুৰৰ সমাজ কৰ্মী উদয় আদিত্য গোস্বামীৰ উদ্যোগত তথা শৈলজা কনষ্ট্ৰাকচন নামৰ পথ নিৰ্মাণ সংস্থাটোৰ সদস্য  সকলৰ সহযোগত আজি বুৰৈ নদীৰ গৰাখহনীয়া হোৱা স্থানত কিছু গৰাখহনী প্ৰতিৰোধ ব্যৱস্থা কৰি দিয়ে । জানিব পৰা মতে কোম্পানীটোৱে এই কাম সম্পূৰ্ণ নিজা খৰছত কৰিছে।।

Your Comments