নৰেন শৰ্মা,বাহাৰঘাট,
২৮ জুনঃ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৭৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰা ৩১গৰাকী ছাত্ৰ -ছাত্ৰীক অভিনন্দন জনোৱা হয়। ছাত্ৰ - ছাত্ৰী সকলক অভিনন্দন জনোৱাৰ উপৰিও তেওঁলোকে অধ্যয়ন কৰা শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীসকলকো সম্বৰ্দ্ধনা জনোৱা হয় ৷ ঘগ্ৰাপাৰৰ বনভাগ কনিষ্ঠ মহাবিদ্যালয়ৰ ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত এই উদ্দেশ্যে অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে অসম উন্নতি সভাৰ নলবাৰী জিলা সমিতিৰ সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই ৷দিনৰ ১১-৩০ বজাত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হীৰকজ্যোতি শৰ্মাই ৷
ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিবাৰণ মজুমদাৰে আঁত ধৰা সভাখন উদ্বোধন কৰে বনভাগ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ যোগেন্দ্ৰ কলিতাই ৷সভাখনত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ভৱজিৎ বেজবৰুৱা,সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা্ সভাপতি গুণজিৎ পাঠক ,ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জোনটি ডেকা আৰু ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে ৷ নিজৰ ভাষণত জিলা ছাত্ৰ সন্থাৰ সভাপতি গুনজিৎ পাঠকে ভাষণত কৃতী ছাত্ৰ ছাত্ৰীসকলক মনপুতি অধ্যয়নৰ লগতে জাতিৰ হকে কাম কৰাৰ বাবে আহ্বান জনায় ৷বৰ্তমান সময়ত গঢ়লৈ উঠা বৃদ্ধাশ্ৰম সমূহৰ কথা উল্লেখ কৰি তেওঁ এই কৃতীমান সকলক নিজ পিতৃ মাতৃৰ প্ৰতি দায়িত্বশীল হ’বলৈ আহ্বান জনাই ৷ লগতে ছাত্রনেতাগৰাকীয়ে নিজৰ ভাষণত ৰাট্ৰীয় শিক্ষানীতিৰ বিৰুদ্ধে গৰজি উঠাৰ লগতে নতুন শিক্ষানীতি বিজ্ঞানসম্নাতভাৱে প্ৰৱৰ্তন কৰা লগতে কোনো এটা বিভাগেই যাতে কর্তন নহয় তাৰ ছাত্র সন্থাই সদায় জাগ্ৰত প্ৰহৰী হিচাপে কাম কৰি যাব বুলিও হুংকাৰ দিয়ে।তেওঁ লগতে ৰজাঘৰীয়াৰ বাবেই চৰকাৰী শিক্ষানুষ্ঠানসমুহ ধ্বংস মুখলৈ হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে।
অনুষ্ঠানত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে বিদ্যাৰ্থীসকলক মোবাইল ফোন আৰু ছোচিয়েল মিডিয়াৰ ব্যৱহাৰ তথা তাৰ ভয়াৱহতাৰ ওপৰত আলোকপাত কৰি ছাত্র -ছাত্ৰী সকলক সদায় সজাগ হৈ ইয়াক ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।সভাত ৰাজহ চক্ৰ বিষয়া জোনটি ডেকা,আছুৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক ভৱজিৎ বেজবৰুৱায়ো ভাষণ প্ৰদান কৰে। সভাৰ অন্তত ছাত্ৰীসকলক মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে অভিনন্দন জনোৱা হয় ৷
- Log in to post comments
- 32 views