বিশ্বনাথত কেকোঁ  সাপ উদ্ধাৰ: দুজনক আটক 

keko

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন: ২৮জুন 

বিশ্বনাথ বন সংমণ্ডলে আজি পুৱাৰ ভাগত এক বিশেষ সূত্ৰে বিশ্বনাথত কেকো সাপ বিক্ৰীৰ খবৰ লাভ কৰি অপৰাধ অনুসন্ধান বিষয়া (বন) ৰাজু বৰুৱাৰ নেতৃত্বত যোৱা এটি দলে দুজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ অৰুণাচলৰ এটা চক্ৰৰ লগত এই কেকো সাপটো বিক্ৰী কৰাৰ বন্দবস্তি কৰিছিল।অৰুণাচলৰ চক্ৰটোকো আটক কৰিবলৈ জাল পাতিছিল যদিও আৰক্ষী অহাৰ আগতেই পলাই সাৰিবলৈ সক্ষম হয় চোৰাং কাৰবাৰৰ লগত জড়িত চক্ৰটো।ইফাল ধৃত লোক দুজনক বিশ্বনাথৰ ননকে জাপৰিগুৰিৰ চহিদুল ইছলাম আৰু কুমলীয়াৰ ফুৰকান আলী বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে ধৃত এই লোক দুজনৰ পৰা এটা ভিভ’ মোবাইল আৰু এখন পালচাৰ বাইক উদ্ধাৰ কৰে।আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত লাভ কৰা তথ্য মতে এই কাৰ্যৰ লগত পূৰ্বৰ পৰাই লোক দুজন  জড়িত আছিল।

Your Comments