বাহাৰঘাটৰ পৰা নৰেন শৰ্মা
যোৱা ২৩ জুন নিশা আমিনগাঁৱৰ ওচৰৰ গৌৰীপুৰত মটৰ চাইকেল দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হোৱা কঞা আৰক্ষী থানাৰ অন্তৰ্গত দৈচপৰা গাৱঁৰ যুৱক সোণমণি কলিতা(২৮)ৰ যোৱা নিশা জি এন আৰ চি হাস্পতালত মৃত্যু হয়৷ উল্লেখ্য যে বেচৰকাৰী কোম্পানীত কৰ্মৰত সোণমণি তেওঁৰ পত্নী সহ উত্তৰ গুৱাহাটীত ঘৰ ভাড়া লৈ আছিল৷ যোৱা ২৩ জুনৰ আবেলি তেওঁ বন্ধু এজনৰ মটৰ চাইকেল খন লৈ পত্নী সহ অন্য কোনো ঠাইত ফুৰিবলৈ গৈ নিশা ওভতি আহিছিল৷ওভতি আহি পত্নীক ভাড়া ঘৰত নমাই দি তেওঁ মটৰ চাইকেল খন ওভতাই দিবলৈ বন্ধুৰ ঘৰলৈ যায়৷ যাওঁতে গৌৰীপুৰত দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাবে আহত হোৱাত গৌৰীপুৰ আৰক্ষীয়ে এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায়৷ অৰ্থনৈতিকভাবে অনগ্ৰসৰ পৰিয়ালটোৱে উক্ত চিকিৎসালয় খনত মাত্ৰাধিক ব্যয় হোৱাৰ আশংকাত পিচদিনাই উত্তৰ গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত ভৰ্তি কৰায়৷ উক্ত চিকিৎসালয় খনতো পৰিয়ালটোৱে কোনোমতে ৰাইজৰ সহায় সহযোগিতাত চিকিৎসাৰ ব্যয় বহন কৰিছিল যদিও যোৱা নিশা তেওঁ মৃত্যুক সাবটি লয়৷ মৃত্যুৰ সময়ত তেওঁ অন্তসত্বা পত্নী ,মাতৃ সহ বহুতো আত্মীয় স্বজনক এৰি যায়৷
- Log in to post comments
- 95 views