সাত বছৰেও সম্পন্ন নহল সোণডুবাৰ দলংৰ কাম: গড়কাপ্তানি মন্ত্ৰীৰ হস্তক্ষেপৰ দাবী

bridge

লাহৰিঘাটৰ পৰা শ্বামিমুল ইছলাম

নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ সাত বছৰ পিছতো সম্পূৰ্ণ নহল মৰিগাঁও জিলাৰ ভূৰাগাৱৰ সোণডুবাৰ দলংৰ কাম যাৰ ফলত যমৰ যাতনা ভুগিব লগা হৈছে কেইবাখনো গাওঁৰ ৰাইজে । সোণডুবা-বৰালিমাৰী সংযোগী পথটোৰ দলংখনৰ কাম সম্পন্ন হৈ নুঠাত টুলুঙা নাও,  কল গছৰ ভুৰেৰে ৰোগী সকলক চিকিৎসালয়লৈ নিব লগা হৈছে যাতায়াতৰ সুবিধা নথকাৰ বাবেই  সংকটজনক ৰোগীসকলে চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যুক সাৱটি লবলগা হয়। বহু সময়ত টুলুঙা নাও দুৰ্ঘটনাগ্ৰস্ত হৈ বহু লোক সা-সম্পত্তিও বিনষ্ট হৈছে বুলি জানিব পৰা গৈছে । বিশেষকৈ বাৰিষাৰ সময়ত কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলটোৰ ৰাইজে বিপদ সংকুলভাৱে টুলুঙা নাৱেৰে যাত্ৰা কৰিব লগা হয় । সময় মতে নাও নোপোৱাত বহু ছাত্র-ছাত্ৰী কেতিয়াবা বিদ্যালয়ৰ পাঠদান গ্ৰহণ পৰাবঞ্চিত হব লগা হয়।  অতিশীঘ্ৰেই অৰ্ধনিমিত  দলংখনৰ কাম সম্পূৰ্ণ কৰি যাতায়াতৰ বাবে সূচল কৰি দিবলৈ অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ মন্ত্ৰীক অনুৰোধ জনাইছে অঞ্চলটোৰ ভুক্তভোগী গঞা ৰাইজে। সোণডুবাৰ চাৰিখনকৈ দলং এনেদৰে অৰ্ধনিৰ্মিত অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

Your Comments