নগাঁৱৰ পৰা ৱাহিদুদ জামান
উন্নতমানৰ প্ৰশিক্ষণৰে হাতত আধুনিক অস্ত্ৰ-শস্ত্ৰ লৈ বিশেষভাবে সাজু হৈছে অসমৰ প্ৰথমটো গড় সুৰক্ষা বাহিনীৰ জোৱানৰ দল। সমৰকলাৰ বিশেষ ৰণকৌশল, ভূমি কৌশল আদি সকলো দিশতে পাৰ্গত কৰি গড় সুৰক্ষাৰ বাবে সাজু কৰি তোলা হৈছে এই বিশেষ দলটোক। কেৱল শাৰীৰিকভাৱেই নহয় মানসিকভাৱেও প্ৰস্তুত কৰি তোলা হৈছে এই জোৱানসকলক। বিগত ৪২ সপ্তাহ ধৰি নগাঁৱৰ বঢ়মপুৰত নৱম অসম আৰক্ষী বাহিনীত প্ৰশিক্ষণ লৈ আছিল ৮২জন জোৱানে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিৰাপত্তাৰ দায়িত্ব অৰ্পণ কৰা হ'ব এই সকল জোৱানক। গড় সুৰক্ষা বাহিনীৰ বাবে গঠন হোৱা প্রথমটো দলৰ জোৱানসকলক চোৰাং চিকাৰীৰ বিপক্ষে যুঁজিবলৈ অস্ত্ৰ চালনাৰ উপৰি দিয়া হৈছে নানা সমৰ কলাৰ প্ৰশিক্ষণ। "Special Rhino Protection Force"ৰ প্ৰতিজন জোৱানে গড় হত্যা ৰোধ কৰাৰ ক্ষেত্ৰত দৃঢ় সংকল্প লৈছে। গড় সুৰক্ষা বাহিনীৰ প্ৰথমটো দল হিচাপে দীক্ষান্ত সমাৰোহত অংশ লৈ শপত গ্ৰহণ কৰি ৮২জন জোৱানে গড় নিধনকাৰী সকলৰ বিৰূদ্ধে আৰম্ভ কৰিলে এক আকাংক্ষিত অভিযান। গড় সুৰক্ষা বাহিনীৰ প্ৰশিক্ষণৰ অন্তত হোৱা দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে অসমৰ বন আৰু পৰ্যটন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত, নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়া আৰু নগাঁও জিলাৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে। অনুষ্ঠানটোত বাহিনীৰ কুজকাৱাজৰ দৃষ্টিনন্দন দৃশ্যই সকলোকে আপ্লুত কৰে। প্ৰশিক্ষণ কালৰ সময়ছোৱাত বিশেষ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে মুখ্য অতিথি তথা বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু নৱম অসম আৰক্ষী বাহিনীৰ অধিনায়ক ৰাজমোহন ৰায়ে বটাঁ প্ৰদান কৰে। ভাষণ প্ৰসঙ্গত মন্ত্ৰীগৰাকীয়ে জোৱানসকলৰ মনোবল বঢ়াবলৈ আহ্বান জনোৱাৰ লগতে সুচাৰুৰূপে দায়িত্ব নিৰ্বাহৰ ক্ষেত্ৰত দৃঢ় হবলৈ আহ্বান জনায়।
- Log in to post comments
- 132 views