নলবাৰীৰ পৰা হেমন্ত কলিতাৰ প্ৰতিবেদন
ভূটানৰ পৰা নামি অহা সংহাৰী বানে আতংকিত কৰি তুলিছে নলবাৰী জিলাৰ ধমধমা অঞ্চলৰ পোন্ধৰখন গাঁৱৰ ৰাইজক । শুকুৰবাৰে বিয়লিৰ ভাগত পাগলাদিয়া নৈৰ বাঢ়নী পানী গড়ভিতৰ অঞ্চলেৰে সোমাই তাণ্ডবলীলা চলাইছে বৃহত্তৰ ধমধমা অঞ্চলত।
অঞ্চলটোৰ চতেমাৰী,ভেলামাৰী, গড়ভিতৰ,ধমধমা,উজীৰখাট,মাজুশিৰাল,উত্তৰ বৰশিৰাল,জাৰতালুক,সুন্দৰপুৰ,গলবিল,ভেৰভেৰী, পোতাৰপাৰ আদি গাওঁসমূহৰ প্ৰায়সংখ্যক পৰিয়ালৰ গৃহতে পানী সোমাই আতংকময় পৰিৱেশৰ সৃষ্টি হয় যদিও প্ৰশাসনৰ তৰফৰ পৰাএই মুহূৰ্তলৈ কোনো যাবতীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ।
অঞ্চলটোৰ বিভিন্ন পথ পানীৰ তলত সোমাই পৰাত যাতায়ত বিঘ্নিত হৈ পৰিছে । খোৱাপানী,পশুধনৰ খাদ্যৰ লগতে মানুহৰ খাদ্য সামগ্ৰীৰ অভাৱ ঘটিছে গাওঁসমূহত।বাক্সা জিলা আৰু নলবাৰীৰ সীমান্তৱৰ্তী ঠাইখিনিত এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে।চৰকাৰ অথবা প্ৰশাসনে তাৎক্ষণিকভাৱে যাবতীয় ব্যৱস্থা গ্ৰহণ নকৰিলে পৰিয়ালসমূহৰ অৱস্থা শোচনীয় হৈ পৰাটো নিশ্চিত ।
- Log in to post comments
- 5 views