ড্ৰাগছ বিৰোধী অভিযানত গোলাঘাট আৰক্ষীৰ সফলতা:দুটা ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ   

dr

গোলাঘাটৰ পৰা মীনাক্ষি ফুকন

 

গোলাঘাটৰ যুৱপ্ৰজন্মক ড্ৰাগছৰ কৱলৰ পৰা উদ্ধাৰ কৰিবলৈ গোলাঘাট আৰক্ষীয়ে বিগত কিছু দিনৰ পৰা চলোৱা অভিযানে  সফলতা অৰ্জন কৰিছে।বৃহস্পতিবাৰে পুনৰ দুটাকৈ ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় গোলাঘাটৰ আৰক্ষী।


গ্ৰেপ্তাৰ কৰা মষ্ট ৱান্টেড ড্ৰাগছ সৰবৰাহকাৰী দুটা হৈছে আনোৱাৰ হুছেইন ওৰফে জোন আৰু জালাছউদ্দিন আহমেদ।আৰক্ষীয়ে  দুয়োজনৰ পৰা মাৰুতি গাড়ীসহ ৪২০০০ টা চেমপ্লেক্স টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Your Comments