সোণাৰিত পথ পুনৰ নিৰ্মাণৰ দাবীত আহোম সেনাৰ অৱৰোধ

road

সোণাৰিৰ পৰা ঘন বৰা

 

বাট-পথৰ দুৰাৱস্থাই চৰাইদেউবাসীক জ্বলাকলা খুৱাইছে।পথ পুনৰ নিৰ্মাণৰ দাবীত শুকুৰবাৰে সোণাৰিত  আহোম সেনাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু আহোম গণ মঞ্চ,কৃষক শ্ৰমিক সুৰক্ষা সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰে। 


 চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ পৰা মৰাণ,ভজো সংযোগী অত্যন্ত গুৰুত্বপূৰ্ণ পথটো আজিৰ তাৰিখত অতি বিধ্বস্ত হৈ পৰাৰ পিছতো মেৰামতি কিম্বা পুনৰ নিৰ্মাণৰ কৰা কৰা নাই গড়কাপ্তানি বিভাগে।এই পথটোক লৈ দল-সংগঠনে বহুবাৰ প্ৰতিবাদ কৰাৰ পিছতো চৰকাৰ তথা গড়কাপ্তানি বিভাগে কোনো গুৰুত্ব নিদিয়াত ক্ষুদ্ধ হৈছে জনসাধাৰণ।বৰ্তমান মৰণত শৰণ দি যাত্ৰীসকলে,বিশেষকৈ ছাত্ৰ-ছাত্ৰী তথা ৰোগীসকলে যাত্ৰা কৰিবলগীয়া হৈছে।পথত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাৰ বাবে বিভিন্ন সময়ত কেইবাটাও ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাত বহুকেইজন লোকৰ মৃত্যু হৈছে।


আনহাতে, বিধ্বস্ত পথকেইটা নিৰ্মাণৰ বাবে বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠন তথা স্থানীয় ৰাইজে বহুবাৰ আবেদন-নিবেদন কৰাৰ লগতে পথ অৱৰোধৰ দৰে কাৰ্যসূচীও গ্ৰহণ কৰিছিল।কিন্তু পথ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত আজিলৈকে কোনো গুৰুত্বই নিদিলে চৰাইদেউ জিলাৰ গড়কাপ্তানি বিভাগ তথা চৰাইদেউ জিলা প্ৰশাসনে।


ইয়াৰ পৰিপ্ৰেক্ষিততে আজি পুনৰবাৰ পথ অৱৰোধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰে আহোম সেনাৰ চৰাইদেউ জিলা সমিতিয়ে।অনাগত দিনত এই পথটোৰ মেৰামতি নহ'লে অধিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে।

Your Comments