গহপুৰৰ গুৱধৰা - বিলতীয়া সংযোগী পথৰ দুৰৱস্হা, কালভাৰ্টৰ ওপৰত সৃষ্টি হৈছে সুৰংগ, শীঘ্ৰে মেৰামতিৰ দাবী

gahpur

গহপুৰৰ প্রতিবেদক :

গহপুৰ মহকুমাৰ একাধিক গ্ৰাম্য পকী পথ সঠিক সময়ত মেৰামতি নকৰাৰ বাবেই পৰৱৰ্তী সময়ত এনে পথ সমূহ সম্পূৰ্ণ ভাবে বিধ্বস্ত হৈ পৰা পৰিলক্ষিত হৈ আহিছে। সংশ্লিষ্ট চৰকাৰী বিভাগে যথাসময়ত পথ মেৰামতিৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই পৰৱৰ্তী সময়ত ক্ৰমশঃ বিধ্বস্ত হৈ পৰা পথেৰে যাতায়াতত যমৰ যাতনা ভোগ কৰিব লগা হৈছে ৰাইজে। বৰ্তমান ক্ৰমশঃ জৰাজীৰ্ণ ৰূপ ধাৰণ কৰা এনে এটা পথ হ'ল গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত বালিজানৰ পৰা গুৱাধৰা-বিলতীয়া সংযোগী পকী পথটো। ৰাঙলীয়াল আৰু বাকৰি দলনী গাওঁ পঞ্চায়ত এলেকাৰ লগতে কল্যাণপুৰ গাঁও পঞ্চায়তৰ বৃহত্তৰ এলেকাক ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগ কৰা অতি ব্যস্ততাপূৰ্ণ পথটোৰ কেইবাঠাইত বৰ্তমানে ব্লেক টপিং এৰাই যোৱাৰ ফলত ক্ৰমশঃ পথটোৱে বিধ্বস্ত ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ বালিজান তিনিআলিৰ পৰা  আধা কিলোমিটাৰ মান নিলগত পথটোত  থকা সৰু কালভাৰ্টোৰ ওপৰত ব্লেক টপিং সম্পূৰ্ণ ভাবে এৰাই যোৱাৰ ফলত গোটেই অংশটো এক প্ৰকাৰ গাঁতত পৰিণত হোৱাৰ উপক্ৰম ঘটিছে।gahpur2

অন্যহাতেদি কালভাৰ্টটোৰ পশ্চিম দিশৰ কাষটোত উপৰিভাগৰ পৰা এটা সুৰংগৰ সৃষ্টি হোৱা দেখা গৈছে। এনে ক্ষেত্রত অনতিপলমে পথটোৰ উক্ত অংশটো মেৰামতিৰ ব্যৱস্থা নকৰিলে পথছোৱা  ক্ৰমশঃ প্ৰকাণ্ড গাঁতত পৰিণত হোৱাৰ উপৰিও সুৰংগটো বিস্তৃত হৈ পৰাটো নিশ্চিত। বিশেষকৈ কালভাৰ্টৰ ওপৰত সৃষ্টি হোৱা সুৰংগটোৰ বাবে উক্ত স্থানত যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। এনে ক্ষেত্রত অনতিপলমে বালিজানৰ পৰা গুৱধৰা - বিলতীয়া সংযোগী পকী পথটোৰ বিধ্বস্ত অংশ সমূহ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে স্থানীয় সচেতন ৰাইজে সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষৰ ওচৰত। দাবী জনাইছে। অন্যথা মেৰামতিৰ অবিহনে উক্ত পথটো পৰৱৰ্তী সময়ত সম্পূৰ্ণ ভাবে বিধ্বস্ত হৈ পৰিব বুলিও এলেকাটোৰ ৰাইজে আশংকা প্ৰকাশ কৰিছে। 

Your Comments