বিলাসীপাৰা চহৰৰ পথৰ দাঁতিৰ দোকান বন্ধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ মহকুমা প্ৰশাসনৰ

bilasipara

 #বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন :

 আজি  বিয়লি ভাগত  ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া, ৰাজহ চক্ৰ বিষয়া, আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত  বিষয়াৰ উপস্থিতিত বিলাসীপাৰা চহৰৰ ৰাস্তাৰ কাষত থকা অবৈধ  দোকান সমূহ ভাঙি বিলাসীপাৰা নগৰ সমিতিৰ  ট্ৰেক্টৰেৰে লৈ যায়। জানিব পৰা মতে  বিলাসীপাৰা চহৰ খনত ঘটি থকা সঘন দুৰ্ঘটনাৰ পৰা হাত সৰাৰ লগতে চহৰ খন জাৱৰ- জোথৰৰ পৰা পৰিস্কাৰ পৰিছন্ন কৰি ৰাখিবৰ অৰ্থে বিলাসীপাৰা মহকুমা প্ৰশাসনে  এই  কঠোৰ  পদক্ষেপ হাতত লৈছে। 

Your Comments