#কোকৰাঝাৰত একেটা পৰিয়ালৰে তিনিজনক হানি খুচি , ঘপিয়াই হত্যা 

KOKRAJARH

কোকৰাঝাৰ /২৭ জুন :-  

কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত মুখীগাঁওত একেটা পৰিয়ালৰে তিনিজন সদস্যক অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে বুধবাৰে নিশা দাৰে ঘপিয়াই হত্যা কৰাত সমগ্ৰ জিলাখনতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । বুধবাৰৰ নিশা সংঘটিত হোৱা এই ভয়ানক ঘটনাত একেটা পৰিয়ালৰে নিহত হোৱা তিনিজন সদস্য হ'ল ক্ৰমে টিপুল ৰায়(পিতৃ ,৩৪), মৰমী ৰায়(মাতৃ ,২৫) আৰু অঞ্জুমণি ৰায়(কন্যা সন্তান ,৩) । আনহাতে এই ঘটনাত সৌভাগ্যবশত কবিতা ৰায়(৬) নামৰ  কণমানি কন্যাগৰাকী ৰক্ষা পৰে ।

উল্লেখ্য যে ব্যাপক চাঞ্চল্য সৃষ্টিকাৰী উক্ত ঘটনা আজি ৰাতিপুৱাহে পোহৰলৈ আহে । গাঁওৱাসীৰ একাংশই পুৱা মৰমী ৰায়(মাতৃ ,২৫) আৰু অঞ্জুমণি ৰায়(কন্যা ,৩)ৰ মৃতদেহ বাহিৰত প্ৰত্যক্ষ কৰি হুৱাদুৱা লগায় আৰু আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে মুহুৰ্ততে ঘটনাস্থলীত উপস্থিত হৈ ভয়ানক ঘটনাত একেটা পৰিয়ালৰে নিহত হোৱা তিনিওজন সদস্যৰ মৃতদেহ উদ্ধাৰ কৰে । ইয়াৰে টিপুল ৰায়ৰ মৃতদেহ ঘৰৰ ভিতৰত আৰু মাতৃ কন্যাৰ মৃতদেহ ঘৰৰ বাহিৰত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে । দুৰ্ষ্কৃতিকাৰীয়ে ঘৰৰ পিছফালে সিন্ধি খান্দি প্ৰৱেশ কৰি প্ৰথমে টিপুল ৰায়ক হত্যা কৰে আৰু কন্যা সন্তানক সাৱটি লৈ মাতৃ মৰমী ৰায়ে পলায়ন কৰিব খোজোতে বাহিৰতে হানি খূচি দুৰ্ষ্কৃতিকাৰীয়ে তেওঁকো হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে গাঁওৱাসীয়ে ।

গাঁওৱাসীয়ে প্ৰকাশ কৰা মতে আজি দুৰ্ষ্কৃতিকাৰীৰ আক্ৰমনত নিহত হোৱা পৰিয়ালটো সাধাৰণ শ্ৰমিক পৰিয়াল আছিল আৰু পৰিয়ালটোৰ কাৰো সতে কোনোধৰণৰ সংঘাত থাকিব পাৰে বুলিও মানি ল'ব পৰা নাই গাঁওবাসীয়ে।

Your Comments