![nagao](/sites/default/files/styles/article_detail/public/2019-06/WhatsApp%20Image%202019-06-28%20at%201.29.37%20AM.jpeg?itok=eCZw87m4)
ৱাহিদুদ জামান,নগাঁও, ২৭ জুন :
বিহাৰ, পশ্চিমবংগকে ধৰি কেইবাখনো ৰাজ্যৰ পৰা অহা একাংশ যুৱকে অসমৰ বিভিন্ন প্ৰান্তত বেংকৰ গ্ৰাহকৰ পৰা কৌশলেৰে ধন লুট কৰা, পথচাৰী মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি নিয়া, টকাৰ বেগ কাঢ়ি নিয়াকে ধৰি বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত কৰি আহিছে। "চিলনী চোৰ" হিচাপে খ্যাত এনেকুৱা কেইবাটাও যুৱকৰ দলে ৰাজ্যখনৰ আন ঠাইৰ লগতে নগাঁও জিলাতো সন্ত্ৰাস অব্যাহত ৰাখিছে। অকল নগাঁও চহৰতে যোৱা মে' মাহৰ পৰা আজিলৈ এনে চিলনী চোৰৰ দলে ১২ টাৰো অধিক ধন লুট কৰা আৰু মহিলাৰ চেইন কাঢ়ি নিয়া ঘটনা সংঘটিত কৰিছে।
এই সময়ছোৱাৰ ভিতৰত চিলনী চোৰে নগাঁও চহৰত বিভিন্ন লোকৰ হাতৰ পৰা ১৫ লাখৰো অধিক টকা লুট কৰি নিছে। আনকি, বিগত সময়ত চিলনী চোৰৰ আক্ৰমনত চহৰখনত পাঁচ গৰাকী পুৰুষ- মহিলা আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন পৰ্য্যন্ত হ'ব লগা হৈছিল। আৰক্ষীৰ চকুত ধূলি দি চিলনী চোৰৰ দলে নগাঁৱত এটাৰ পিছত আন এটা ধন লুট কৰি নিয়াৰ ঘটনা, চেইন কাঢ়ি নিয়াৰ ঘটনা সংঘটিত কৰি আহিছে ।বিভিন্ন লোকৰ পৰা ধন লুট কৰা, মহিলাৰ চেইন, বেগ কাঢ়ি নিয়া, কেতিয়াবা আকৌ গাড়ীৰ গ্লাছ ভাঙিও লুট কৰিছে ধন। আজিও নগাঁও চহৰত সংঘটিত হয় তদ্ৰুপ এক চিলনী চোৰৰ ঘটনা। দুখন মটৰ চাইকেলত অহা এটা দুৰ্বৃত্তৰ দলে নগাঁও চহৰৰ ষ্টেডিয়াম মাৰ্কেটৰ ভি আই পি ৰোডত এগৰাকী পথচাৰী মহিলাৰ পৰা চেইন কাঢ়ি নিবলৈ চেষ্টা কৰে। যদিও সেই সময়ত ঘটনাস্থলীত উপস্থিত থকা একাংশ লোকৰ সহযোগত নগাঁও যান বাহন আৰক্ষী আৰু নগাঁও নগৰ আৰক্ষীয়ে দুৰ্বৃত্তৰ দলটোৰ সদস্য দুজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। দলটোৰ দুজন সদস্য ধৰা পৰে তেওঁলোকৰ লগত অহা আন দুজন সদস্য পলাই যাবলৈ সক্ষম হয়।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চিলনী চোৰ দুটা হ'ল- বিহাৰৰ কাতিহাৰ জিলাৰ ৰাউতাৰৰ পাপু কুমাৰ (২২) আৰু পশ্চিম বংগৰ জলফাইগুৰিৰ ৰাজগঞ্জৰ আশীষ কুমাৰ (২৪)। আৰক্ষীয়ে আজি চিলনী চুৰিৰ ঘটনাত ব্যৱহাৰ কৰা এ এছ ০৬ বি ৩১৪৮ নম্বৰৰ বাইক এখনৰ লগতে নম্বৰ প্লেট বিহীন আন এখন মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হয়। তদুপৰি ধৃত দুৰ্বৃত্তৰ দুটাৰ পৰা বুজন পৰিমানৰ নগদ ধন, স্কু ডাইভাৰ আৰু চোকা অস্ত্ৰ আদি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ধৃত চিলনী চোৰ দুটাই ইতিমধ্যে নগাঁৱত সংঘটিত চিলনী চোৰৰ ঘটনাৰ লগত জড়িত থকাৰ কথা আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে। আৰক্ষী সূত্ৰই জনোৱা মতে, বহু ৰাজ্যৰ পৰা অহা চিলনী চোৰৰ দলে নগাঁও, গুৱাহাটী, বৰপেটা, শোণিতপুৰ আদি জিলাৰ উপৰি উজনি অসমতো বাহৰ পাতি ধন লুট, চেইন চোৰৰ ঘটনা সংঘটিত কৰি আহিছে। স্থানীয় এজেন্টৰ সহযোগত এই চিলনী চোৰৰ দলে বেংকৰ গ্ৰাহক, ব্যৱসায়ী, অৱসৰৰপ্ৰাপ্ত কৰ্মচাৰী আদিৰ পৰা কৌশলৰে ধন লুট কৰাৰ লগতে সুযোগ বুজি মহিলাৰ ডিঙিৰ চেইন, বেগ আদি কাঢ়ি নিয়াৰ দৰে ঘটনাও সংঘটিত কৰি আহিছে। চহৰখনত পিয়াপি দি থকা চিলনী চোৰৰ দলক কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহিবলৈ আৰক্ষী প্ৰশাসনক নগাৱঁৰ সচেতন ৰাইজে দাবী জনাইছে।
- Log in to post comments
- 20 views