জমিৰ উদ্দিন তালুকদাৰ, ডবকা ২৭ জুনঃ
আকাশ চুবলৈ মাটিৰ পৰাই যাত্ৰা কৰিব লাগিব ৷ মেধাৱী শিক্ষাৰ্থীয়ে আকাশ চুবলৈ তপস্যাৰ সমানে গভীৰ অধ্যয়ন কৰিব লাগিব ৷ এই মন্তব্য ডবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰশান্ত পূজাৰীৰ ৷ ছাত্ৰসকলে নিজৰ শিপা চিনিব লাগিব ৷ শিপাৰ পৰা বিচ্ছিন্ন জাতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰে বুলিও অধ্যক্ষ গৰাকীয়ে কয় ৷ আজি সদৌ অসম ছাত্ৰ সন্থাৰ ডবকা আঞ্চলিক সমিতিৰ উদ্যোগত ডবকা এজেচি মেমৰিয়েল হলত মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যৰে এখনি বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ হোজাই জিলা ছাত্ৰ সন্থাৰ আহ্বায়ক ছাদ্দাম হুছেইন তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ অভিনন্দন অনুষ্ঠানত ডবকা অঞ্চলৰ কেবাখনো শিক্ষানুষ্ঠানৰ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷
এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডবকা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অনুসূয়া শৰ্মা ৷ চক্ৰ বিষয়া গৰাকীয়ে নিজৰ ভাষণত ছাত্ৰ-ছাত্ৰীৰ নিয়মানুৱৰ্তিতা, কঠোৰ অনুশাসন, সততা, নিষ্ঠাৰ ওপৰত বক্তব্য আগবঢ়ায় ৷ একেখন সভাত অতিথিৰ ৰূপত ডবকা হাজী আনফৰ আলী কলেজৰ অধ্যক্ষ ডঃ মামুন আজম বৰভূঞা, ডবকা একাডেমীৰ অধ্যক্ষ আতাউৰ ৰহমান, হোজাই জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি জামাল আহমেদ সহ কেবা গৰাকী বক্তাই মেধাৱী শিক্ষাৰ্থীসকলক উদ্দেশ্যি ভাষণ দিয়ে ৷ অসম সেনাৰ হোজাই জিলা সমিতিৰ নেতা আলম হুছেইন তালুকদাৰে আঁত ধৰা অনুষ্ঠানটিত উদ্বোধনী ভাষণ আগবঢ়ায় হোজাই জিলা ছাত্ৰ সন্থাৰ আহ্বায়ক দেৱজিৎ ডেকাই আৰু ছাত্ৰ ছাত্ৰী সকলক স্বাগতম জানাই জিয়াবুৰ ৰহমান তালুকদাৰে ৷ সম্বৰ্ধনা অনুষ্ঠানটিত বিগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডবকা অঞ্চলৰ পৰা যিসকল ছাত্ৰ-ছাত্ৰীয়ে ৮০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰি অঞ্চলটিলৈ সুনাম কঢ়িয়াই আনিছে, সেইসকল ছাত্ৰ ছাত্ৰীক আজিৰ সভাত সম্বৰ্ধনা জনোৱা হয় ৷ সম্বৰ্ধনাত এখন মানপত্ৰ,এখন গামোছা আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে একোটাকৈ গছ পুলিৰে এইসকল কৃতিমানক সন্মান জনোৱা হয় ৷ সভাত ডবকা অঞ্চলৰ বহু কেইগৰাকী প্ৰাক্তন আছু কৰ্মীৰ অংশ গ্ৰহণে অনুষ্ঠানটিক সুন্দৰ কৰি তোলে ৷
- Log in to post comments
- 13 views