চেঙাৰ পৰা সুৰজিৎ পাঠক
সৰুক্ষেত্ৰী বিধান সভা সমষ্টিৰ গোলিবান্ধাত আজি বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জৰাজীৰ্ণ পথ মেৰামতি আৰু পথ পুনৰ নিৰ্মাণৰ দাবীত এই অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।। সৰ্থেবাৰীৰ পৰা বৰশিমলা হৈ গোলিবান্ধা-ৰাজাখাট পথ আৰু গোলিবান্ধাৰ পৰা আমডহ হৈ পাঠশালালৈ যোৱা পথ পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে কৃষক মুক্তিসংগ্ৰাম সমিতিয়ে। কণ কণ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ অহা যোৱা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় এই পথছোৱাত। এজাক বৰষুণতে পুখুৰীলৈ পৰ্যবসিত হয় পথটো। এই কাৰ্যসূচীত কণ কণ ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰে। কৃষক নেতা দণ্ডিনাথ বৰ্মনে স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু গড়কাপ্তানি দপ্তৰৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰে।
- Log in to post comments
- 5 views