সোণাৰিত অসম চাহ মজদুৰ সংঘৰ প্ৰতিবাদ

tea

নিজস্ব বাতৰি দিওঁতা

চৰাইদেউ জিলাৰ সদৰ সোণাৰিত অসম চাহ মজদুৰ সংঘই আজি এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। চাহ শ্ৰমিকসকলৰ  দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণ নকৰাৰ বাবে আজি প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে  চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰী বৃদ্ধি,  ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাগিচাত কাম কৰা শ্ৰমিকসকলৰ মজুৰী বৃদ্ধি কৰা,  বাগিছাৰ উপ-কৰ্মচাৰীৰ নতুন দৰমহা চুক্তি সংশোধন কৰাৰ দাবীত চৰাইদেউ জিলা উপায়ুক্তৰ যোগে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। উল্লেখ্য যে শাসনাধিষ্ঠিত বিজেপি চৰকাৰে শাসনলৈ অহাৰ পূৰ্বে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰী বৃদ্ধি কৰাৰ লগতে চাহ শ্ৰমিকৰ জীৱনধাৰণৰ মানদণ্ড উন্নত কৰাৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছিল যদিও বৰ্তমান সকলো প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হোৱাৰ পৰিপ্ৰেক্ষিতত জাঙুৰ খাই উঠিছে চাহ মজদুৰ সংঘ। মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰত তেওঁলোকৰ আটাইবোৰ দাবী পূৰণ নহলে অনাগত দিনত অধিক জংগী আন্দোলন কৰিব বুলি সকীয়াই দিয়ে।

Your Comments