বৰলীয়াৰ বাঢ়নী পানীয়ে উটুৱাই নিলে ভৰালটোলাৰ কাঠৰ দলং:যাতায়তৰ তীব্ৰ সমস্যা

bri

বাহাৰঘাটৰ পৰা নৰেন শৰ্মা

 

দুদিন ধৰি হোৱা বৰষুণৰ ফলত ফেনেফোটোকাৰে বাঢ়ি অহা বৰলীয়া নৈৰ বাঢ়নী পানীয়ে বুধবাৰে পুৱাৰ ভাগত ভৰালটোলাৰ কাঠৰ দলংখন সম্পূৰ্ণকৈ উটুৱাই লৈ যায়৷নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত বৰগাছা (ভৰালটোলা)চুবুৰীৰ বৰলীয়া নৈৰ ওপৰত থকা দলংখন উটুৱাই নিয়াৰ ফলত কামৰূপ আৰু নলবাৰী জিলা সংযোগী অঞ্চলটোৰ জনসাধাৰণে   যথেষ্ট অসুবিধা ভোগ কৰিব লগীয়া হৈছে৷


উল্লেখযোগ্য যে দীৰ্ঘদিনে জৰাজীৰ্ণ হৈ থকা উক্ত দলংখন দুয়োখন জিলাৰ ৰাইজৰ একমাত্ৰ যাতায়তৰ মাধ্যম আছিল৷অঞ্চলবাসী ৰাইজৰ প্ৰৱল দাবীৰ প্ৰতি সমৰ্থন জনাই বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই উক্ত স্থানত এখন পকী দলং নিৰ্মাণৰ বাবে কেইমাহমান আগতে আধাৰশিলা স্থাপন কৰিছিল৷গড়কাপ্তানী বিভাগৰ নলবাৰী গ্ৰাম্য পথ সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীক লগত লৈ নিৰ্মাণৰ দায়িত্বপ্ৰাপ্ত ঠিকাদাৰ আৰু দলীয় সমৰ্থকৰ সৈতে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত বিধায়কগৰাকীয়ে আধাৰশিলা স্থাপন কৰি ৰাইজৰ দীৰ্ঘদিনৰ সমস্যা এটা দূৰ হোৱা বুলি উল্লেখ কৰিছিল৷কিন্তু দুৰ্ভাগ্যজনক কথা যে দাতাই দিলেও বিধাতাই নিদিয়াৰ দৰে দলংখন নিৰ্মাণৰ দায়িত্বপ্ৰাপ্ত ঠিকাদাৰজনে আধাৰশিলাৰ কেইবামাহো অতিক্ৰম কৰাৰ পিছতো আধাৰশিলাতে নিৰ্মাণৰ কাম আৱদ্ধ ৰাখিলে৷বিধিগতভাৱে দলং নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ আগতে ওচৰৰ জৰাজীৰ্ণ দলংখন মেৰামতি কৰি ল'ব লাগে৷স্থানীয় ৰাইজেও সেইটোৱেই বিচাৰিছিল৷


কিন্তু ৰাজনৈতিক আশীৰ্বাদপুষ্ট ঠিকাদাৰজনে ৰাইজৰ অনুৰোধক আওকান কৰি মইমতালীভাৱে বৰ্তমানলৈকে কোনো কাম নকৰি মৌন হৈ বহি থাকে।যাৰ ফলত আজি কাঠৰ দলংখন বানে উটুৱাই নি ৰাইজক বিপদত পেলালে৷এতিয়া ইটো পাৰৰ মানুহে সিটো পাৰলৈ যাব লাগিলে ৫ কিলোমিটাৰ পথ অতিক্ৰম কৰিব লাগিব৷ 


মন কৰিবলগীয়া যে অঞ্চলটোৰ ৰাইজৰ অসুবিধাৰ  গুৰুত্ব বুজি বৰক্ষেত্ৰী সমষ্টিৰ তদানীন্তন বিধায়ক পুলকেশ বৰুৱাৰ তৎপৰতাত জলসম্পদ বিভাগৰ দ্বাৰা ১৯৯৭ চনতে উক্ত কাঠৰ দলংখন নিৰ্মাণ কৰিছিল৷ কালক্ৰমত জৰাজীৰ্ণ হ'লেও উক্ত দলঙেৰে চলি আছিল ৰাইজৰ যাতায়ত৷বৰ্তমান দলংখন অবিহনে ৰাইজে যথেষ্ট অসুবিধা ভোগ কৰিব লাগিব৷ ভুক্তভোগী ৰাইজে অঞ্চলটোৰ যাতায়তৰ ব্যৱস্থা ক্ষীপ্ৰতাৰে সুচল কৰাৰ বাবে চৰকাৰক দাবী জনাইছে৷

Your Comments