১৯৯৬ চনৰ পৰা বিশ্বকাপত ৱেষ্ট ইণ্ডিজে পৰাস্ত কৰিব পৰা নাই ভাৰতক

ss

১৯৭৯ চনৰ পৰা বিশ্বকাপত ভাৰত আৰু ৱেষ্ট ইণ্ডিজ ৮ বাৰ মুখামুখী হৈছে।ইয়াৰে ৫ খনত ভাৰত আৰু ৩ খনত ৱেষ্ট ইণ্ডিজ বিজয়ী হৈছে।১৯৯৬ চনৰ পৰা বিশ্বকাপত ৱেষ্ট ইণ্ডিজে ভাৰতক পৰাস্ত কৰিবলৈ সক্ষম হোৱা নাই।আজিও অ'ল্ড ট্রেফৰ্ড'ত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ নিশ্চিত কৰিবলৈ বিচাৰিছে বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দলে।


ইফালে,চলিত বিশ্বকাপত ছেমি ফাইনেলৰ দৌৰৰ পৰা আঁতৰি আহিছে ৱেষ্ট ইণ্ডিজ।আফগানিস্তানৰ বিৰুদ্ধে খেলত ভাৰতে কিছু উজুতি খোৱাৰ পিছত আজি ভাৰতৰ প্ৰদৰ্শন লক্ষণীয় হ'ব।ভাৰতীয় ব'লাৰে ক্ৰিছ গেইল,কাৰ্লোছ ব্ৰাথৱেইটক বান্ধি ৰাখিব পাৰিলেই ভাৰতৰ জয়লাভ সহজ হৈ পৰিব বুলি ধাৰণা কৰা হৈছে।

Your Comments