একেলগে মহম্মদ ৰফিৰ গীত গালে পিতৃ ছেলিম খান আৰু পুত্ৰ ছলমান খানে:ভিডিঅ' ভাইৰেল

salman

যশস্বী পিতৃ আৰু জনপ্ৰিয় পুত্ৰ একেলগে।প্ৰখ্যাত চিত্ৰনাট্য লেখক পিতৃ ছেলিম খানৰ সৈতে একেলগে গীত গাই থকা এটা ভিডিঅ' মঙলবাৰে গধূলি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰে ছুপাৰ ষ্টাৰ ছলমান খানে।ভিডিঅ'টোত কণ্ঠশিল্পী কামাল খানকো দেখা গৈছে।


ছেলিম খান আৰু ছলমান খানে একেলগে কণ্ঠ নিগৰাই ১৯৪৯ চনত মুক্তি পোৱা 'দুলাৰী' ছবিখনত মহম্মদ ৰফিয়ে কণ্ঠদান কৰা 'সুহানী ৰাত ঢল চুকী' গীতটিত।এই ভিডিঅ'টো এতিয়া যথেষ্ট ভাইৰেল হৈ পৰিছে।জনতাই দুই প্ৰখ্যাত পিতা-পুত্ৰৰ যুগলবন্দীক বেছ পছন্দ কৰিছে।

Your Comments