ছোনিয়া গান্ধীৰ সভাপতিত্বত বুধবাৰে অনুষ্ঠিত কংগ্ৰেছৰ লোকসভা সাংসদসকলৰ বৈঠকত ৰাহুল গান্ধী অটল আছে কংগ্ৰেছৰ অধ্যক্ষ পদ ত্যাগ কৰাৰ স্থিতিত।কংগ্ৰেছৰ ৫১ গৰাকী সাংসদে একেলগে অনুৰোধ কৰিও ৰাহুলক এই স্থিতিৰ পৰা আঁতৰাব নোৱাৰিলে।
কংগ্ৰেছ নেতা শশী ঠাৰুৰ আৰু মনীষ তিৱাৰীয়ে কংগ্ৰেছৰ পৰাজয়ৰ দায়িত্ব সামূহিক বুলি কৈ একমাত্ৰ ৰাহুল গান্ধীয়ে ইয়াৰ দায়িত্ব ল'ব নালাগে বুলি মন্তব্য কৰিছিল।তথাপিও ৰাহুল দৃঢ় হৈ থাকে নিজৰ স্থিতিত।
- Log in to post comments
- 21 views