ৰাজমুকুটত "বীৰাংগনা" হৈ আহি আছে প্ৰাঞ্জনা দত্ত

birangana

তপন বৰগোহাঁই :
অৱশেষত ২০১৯-২০ নাট্যবর্ষৰ বাবে ৰাজমুকুট থিয়েটাৰত চুক্তিবদ্ধ হ'ল অভিনেত্ৰী প্ৰাঞ্জনা দত্ত।বৰদৈচিলা থিয়েটাৰত চুক্তিবদ্ধ হোৱাৰ পাছতো নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য আৰু প্ৰযোজক নজৰুল ইছলামে মৈমতালিৰে চুক্তি বাতিল কৰিছিল জনপ্ৰিয় অভিনেত্ৰী গৰাকীৰ।তাৰ পাছতে অভিনেত্ৰী গৰাকীয়ে সমগ্ৰ বিষয় অৱগত কৰি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেল সম্বোধন কৰিছিল।উক্ত সংবাদ মেলতে অভিনেত্ৰী প্ৰাঞ্জনা দত্তই  হুক-হুকাই কান্দি কান্দি বৰ্ণনা কৰিছিল সকলো কথা। ইয়াৰ উপৰিও উক্ত সংবাদ মেলখনতেই অভিনেত্ৰী গৰাকীয়ে অনুৰোধ কৰিছিল "যদি কোনো ভ্ৰাম্যমাণ নাট্যদলে আগন্তুক সময়ৰ বাবে তেওঁক চুক্তিবদ্ধ কৰাৰ বাবে আগবাঢ়ি আহে তেওঁ সুখী হ'ব বুলি"। তাৰ পাছতে অভিনেত্ৰী গৰাকীক চুক্তিবদ্ধ কৰাৰ বাবে আগবাঢ়ি আহিল ৰাজমুকুট থিয়েটাৰৰ প্ৰযোজক মানস কলিতা।

গুৰুত্বপূৰ্ণ কথা এই যে বিগত ৭ বছৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা আঁতৰি থাকি ২০১৮-১৯ বর্ষত হেঙুল থিয়েটাৰৰ মঞ্চত মীৰাবাঈ নাটকখনৰ জৰিয়তে দর্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰী প্ৰাঞ্জনা দত্তক ৰাজমুকুট থিয়েটাৰত ৰাজদ্বীপৰ নাটক "বীৰাংগনা"ৰ মুখ্যচৰিত্ৰত দেখা পোৱা যাব বুলিও জানিব পৰা গৈছে। য'ত অভিনেত্ৰী গৰাকীয়ে আৱেগ ঢালি চিঞৰি উঠিব "মুখ বন্ধ কৰি ভাল নাৰী হব নোৱাৰিম..প্ৰাপ্য বিচাৰি চিঞৰিমে, লাগিলে মোক লজ্জাহীন বুলিয়েই  কোৱা"।

ইফালে এই বর্ষত ৰাজমুকুট থিয়েটাৰত অভিনেত্ৰী দত্তৰ উপৰিও দেখা যাব অভিনেতা কপিল বৰা,ৰাজকুমাৰ, অভিনেত্ৰী অলিম্পিকা গোস্বামীৰ দৰে জনপ্ৰিয় অভিনেত্ৰী সকলক।
ইফালে গুৰুত্বপূৰ্ণ কথা এই যে অভিনেত্ৰী গৰাকীক বৰদৈচিলা থিয়েটাৰ কৰ্তৃপক্ষই কৰা অন্যায়ৰ বিৰুদ্ধে মুকলিকৈ মাত মাতি অভিনেত্ৰী গৰাকীৰ কাষত থিয় দিছিল অভিনেতা ৰবি শৰ্মা, অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, যতীন বৰা, স্বাগতা বৰুৱা, নাট্যকাৰ মৃদুল শৰ্মা, অমৰেন্দ্ৰ বৰ্মন,চিমি গোস্বামীকে ধৰি বহু সংখ্যক শিল্পী-কলা কুশলীয়ে।

ইফালে ৰাজমুকুট থিয়েটাৰ কৰ্তৃপক্ষই অভিনেত্ৰী প্ৰাঞ্জনা দত্তক বিপদৰ সময়ত সহায় কৰাৰ বাবে আগবাঢ়ি অহা বাবে প্ৰযোজক মানস কলিতাৰ সকলোৱে প্ৰশংসা কৰিছে ।

Your Comments