লোকসভা নিৰ্বাচনত যথেষ্ট বেয়া ফল প্ৰদৰ্শন কৰাৰ পিছতেই কন্দল আৰম্ভ হৈছিল উত্তৰ প্ৰদেশত মহাজোঁটবন্ধনত।এতিয়া এই সংঘাত তুংগত উঠিছে।বিএছপি প্ৰমুখ মায়াৱতীয়ে সমাজবাদী পাৰ্টিৰ প্ৰমুখ অখিলেশ সিং যাদৱৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছে।পৰাজয়ৰ পিছত অখিলেশ যাদৱে তেওঁক ফোন নকৰা বুলি বিএছপিৰ এখন ৰাষ্ট্ৰীয় সভাত উল্লেখ কৰে মায়াৱতীয়ে।অৱশ্যে তেওঁ জ্যেষ্ঠ হোৱাৰ ধৰ্ম পালন কৰি নিজে অখিলেশ সিং যাদৱলৈ ফোন কৰি তেওঁৰ পত্নী আৰু পৰিয়ালৰ অন্যান্য সদস্যৰ পৰাজয়ত দুখ প্ৰকাশ কৰা বুলি কয়।
আনহাতে,লোকসভা নিৰ্বাচনত সমাজবাদী পাৰ্টিৰ নেতা-কৰ্মীয়ে বিএছপি প্ৰাৰ্থীক বিশ্বাসঘাতকতা কৰাৰো অভিযোগ উত্থাপন কৰে মায়াৱতীয়ে।এই সন্দৰ্ভত অখিলেশ সিং যাদৱক অৱগত কৰাৰ পিছতো যাদৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি মন্তব্য কৰে মায়াৱতীয়ে।
- Log in to post comments
- 14 views