বিগত লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীক অথবা নেহৰু-গান্ধী পৰিয়ালক নাকচ কৰিলে দেশৰ জনতাই।কংগ্ৰেছৰ নেতৃত্ব হিচাপে জনতাই নেহৰু-গান্ধী পৰিয়ালক নাকচ কৰাটো লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয়ৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছে।জনতাৰ এই বাৰ্তাৰ বিষয়ে অৱগত হৈ ৰাহুল গান্ধীয়ে স্বইচ্ছাই কংগ্ৰেছ অধ্যক্ষ পদ ত্যাগ কৰিছে।কংগ্ৰেছ কাৰ্যকৰী সমিতিয়ে বৰ্তমানলৈকে ৰাহুল গান্ধীৰ পদত্যাগ গ্ৰহণ কৰা নাই।কিন্তু ৰাহুলেও নিজৰ সিদ্ধান্তত দৃঢ় হৈ থকাত দলটোত এতিয়া গান্ধী পৰিয়ালৰ বাহিৰৰ নতুন অধ্যক্ষৰ সন্ধান চলিছে।
এই ক্ষেত্ৰত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ সম্ভাৱনা উজ্জ্বল হৈ পৰিছে ।গেহলট কংগ্ৰেছৰ অন্যতম জ্যেষ্ঠ নেতা আৰু গান্ধী পৰিয়ালৰো ঘনিষ্ঠ।ৰাহুল গান্ধীয়ে অধ্যক্ষ পদ এৰিলেও দলত গান্ধী পৰিয়ালৰ সৰ্বময় প্ৰভাৱ ভৱিষ্যতেও থকাটো যিহেতু নিশ্চিত,সেই সূত্ৰত ঘনিষ্ঠ গেহলটৰ সৈতে কাম কৰাৰ সুবিধাৰ স্বাৰ্থত নেতাজনৰ নামত গান্ধী পৰিয়ালেও আপত্তি কৰাৰ সম্ভাৱনা নাই।
আনহাতে, লোকসভা নিৰ্বাচনত সফল নহ'লেও ৰাজস্থানত পুনৰ কংগ্ৰেছক ক্ষমতালৈ অনাত অগ্ৰণী ভূমিকা পালন কৰি অশোক গেহলটে নিজৰ ৰাজনৈতিক দক্ষতাৰ প্ৰমাণ দাঙি ধৰিছে।গতিকে,অন্তিম মুহূৰ্তত কোনো বৃহৎ পৰিৱৰ্তন নহ'লে ৬৮ বছৰীয়া গেহলটেই কংগ্ৰেছ অধ্যক্ষ হোৱাটো নিশ্চিত।যদি ৰাজস্থানৰ নেতাজন কংগ্ৰেছৰ অধ্যক্ষ হয়,তেওঁৰ ওপৰত গধুৰ দায়িত্ব থাকিব কংগ্ৰেছক পুনৰুজ্জীৱিত কৰাৰ।
- Log in to post comments
- 61 views