বিশ্বকাপৰ পৰা বাহিৰ হৈ আৱেগিক শিখৰ ধাৱান

sikhar

আঙুলিৰ আঘাত নিৰাময় নোহোৱাৰ বাবে চলিত বিশ্বকাপৰ পৰা বাহিৰ হোৱাটো নিশ্চিত হোৱাৰ পিছত ভাৰতীয় তাৰকা বেটছমেন শিখৰ ধাৱানে সমৰ্থকসকলক উদ্দেশ্য কৰি এটা ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' জাৰি কৰে।ভিডিঅ'টোত খেলুৱৈজনক কিছু আৱেগিক হৈ পৰা দেখা যায়।আঙুলীৰ আঘাতৰ বাবে বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ বিষয়ে উল্লেখ কৰি তেওঁক সমৰ্থন কৰাৰ বাবে দেশবাসী,ক্ৰিকেটপ্ৰেমী আৰু সমৰ্থকসকলক ধন্যবাদ জনায়।


উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হোৱা খেলত ধাৱানে বাওঁহাতৰ আঙুলিত আঘাত পাইছিল আৰু পিছত হাঁড়ত সামান্য ফাট মেলাটো প্ৰমাণ হৈছিল।এতিয়া ভাৰতীয় দলত ধাৱানৰ স্থান ল'ব উইকেটকিপাৰ বেটছমেন ঋষভ পন্টে।

Your Comments