আৰএছএছৰ 'ভাল গুণ'ৰ বিষয়ে ক'লে তৰুণ গগৈয়ে:সচেতন মহলত ব্যাপক চৰ্চা

tg

আৰএছএছৰ আৰ্হিত জনসম্পৰ্ক গঢ়িলেহে কংগ্ৰেছৰ স্থিতি শক্তিশালী কৰা সম্ভৱ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।সফলভাৱে জনসম্পৰ্ক গঢ়িব পৰাটো আৰএছএছৰ 'ভাল গুণ' বুলি তেওঁ এখন সংবাদমেলত উল্লেখ কৰে।তেওঁ মুকলিকৈ কয় যে আৰএছএছৰ জনসম্পৰ্ক কংগ্ৰেছতকৈ সুদৃঢ়।

 

পূৰ্বে সততে আৰএছএছৰ সমালোচনাত মুখৰ মুখ্যমন্ত্ৰীজনে এতিয়া সংবাদমেলত আৰএছএছৰ গুণৰ বিষয়ে উল্লেখ কৰাটোৱে ৰাজ্যৰ সচেতন মহলত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে।

Your Comments