বঙাইগাঁও আৰু চিৰাঙত চিকিৎসকৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

bgn

বঙাইগাঁওঃ১৭ জুনঃ

কলকাতাত চিকিৎসকক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত তথা চিকিৎসকসকলৰ নিৰাপত্তাৰ দাবীত ভাৰতীয় চিকিৎসক সন্থাই আহ্বান জনোৱা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে আজি বঙাইগাঁও জিলাৰ চৰকাৰী- বেচৰকাৰী চিকিৎসক সকলেও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও জিলাৰ উত্তৰ মাজগাঁৱত অৱস্থিত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত পুৱা ৮ বজাৰ পৰা ১০ বজালৈ চিকিৎসকসকলে দুঘন্টীয়া কৰ্মবিৰতি পালন কৰে ৷ অৱশ্যে চিকিৎসকসকলে কৰ্মবিৰতি পালন কৰিলেও চিকিৎসালয়ত জৰুৰীকালীন বা আপাতকালীন সেৱাসমূহ অব্যাহত থাকে ৷ আনহাতে বঙাইগাঁও সদৰ চহৰৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত পুৱা ছয় বজাৰ পৰা কাইলৈ পুৱা ছয় বজালৈ ২৪ ঘন্টা ধৰি অব্যাহত আছে চিকিৎসকৰ কৰ্ম বিৰতিৰ প্ৰতিবাদ। একেদৰে চিকিৎসকসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাত বন্ধ থাকে চিকিৎসকৰ ক্লিনিক, চেম্বাৰসমূহো ৷ ইপিনে বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ পি কে ৰয়ে সংবাদ মাধ্যমৰ আগত কয় যে আমি যদিও দুঘন্টীয়া কৰ্মবিৰতি পালন কৰিছো তথাপি কিন্তু ৰোগীসকলৰ প্ৰতি লক্ষ্য ৰাখি জৰুৰীকালীন সেৱাসমূহ অব্যাহত ৰাখিছো ৷ তেওঁ চিকিৎসকৰ আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আগলৈ যাতে এনে ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে চৰকাৰ তথা ৰাইজক আগুৱাই আহিবলৈ আহ্বান জনায় ৷ অধীক্ষকগৰাকীয়ে এখন সুস্থ সমাজ বৰ্তি থাকিবলৈ হ'লে এনে ঘটনা ৰোধ হ'ব লাগিব বুলি কয় ৷ অন্যথা সমাজখনক অধিক বেয়াৰ ফালে ঢাল খাব বুলি কৈ এনে পৰিৱেশ হ'লে চিকিৎসকসকলোৰ নিৰাপত্তাতো নেথাকিবই বৰং ৰোগীসকলো নিৰাপত্তাহীনতাত ভুগিব লাগিব বুলি কয় ৷ তেওঁ চিকিৎসকসকলে গোটেই দিনটো প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে কলা বেজ পৰিধান কৰি প্ৰতিবাদ জনাব বুলিও কয় ৷bgn2

ইপিনে চিৰাং জিলাতো  চিকিৎসকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ চিৰাং জিলাৰ সদৰ কাজলগাঁৱত অৱস্থিত জে এছ বি চিকিৎসালয়ত পুৱা আঠ বজাৰ পৰা দহ বজালৈ চিকিৎসালয়খনৰ চৰকাৰী  চিকিৎসকসকলে দুঘন্টীয়া কৰ্ম বিৰতিৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । একেদৰে সোমবাৰৰ পুৱা ছয় বজাৰ পৰা মঙলবাৰৰ পুৱা ছয় বজালৈ চিৰাং জিলাৰ ব্যক্তিগত খণ্ডৰ চিকিৎসা সেৱাসমূহ বন্ধ থাকিব ৷ উল্লেখ্য যে ভাৰতীয় চিকিৎসা সন্থাক এই আন্দোলনৰ প্ৰতি অসম চিকিৎসক সন্থাৰ চিৰাং গোটে সমৰ্থন জনাই এই কাৰ্যসূচী ৰূপায়ণ কৰে ৷ চিকিৎসকসকলে ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত দুয়োখন জিলাৰ ৰোগী তথা তেওঁলোকৰ আত্মীয় সকলৰ মাজত একপ্ৰকাৰ  হাহাকাৰ পৰিবেশ সৃষ্টি হোৱা পৰিলক্ষিত হয় ৷

Your Comments