চেঙাৰ পৰা সুৰজিৎ পাঠকৰ প্রতিবেদন :
বৰপেটা জিলাৰ চেঙা বেচিক খেলপথাৰত চেঙা উদীয়মান যুৱ সংঘৰ উদ্যোগত আজি এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। বিশিষ্ট সমাজসেৱক মনোজ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানটোত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব দেখুওৱা ১২ গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । অনুষ্ঠানটোত আছাম টকছৰ কাৰ্যবাহী সম্পাদক দেৱজিৎ তালুকদাৰে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। সাংবাদিক গৰাকীয়ে ভাষণ প্ৰসংগত সমাজত মানৱীয় মূল্যবোধৰ অৱক্ষয় ঘটাৰ বাবে সমাজ ধ্বংসৰ ফালে গতি কৰিছে বুলি উল্লেখ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক সমাজত চলি থকা পৰম্পৰাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈও আহ্বান জনায়।
অনুষ্ঠানটোত সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ, সমাজসেৱক ৰবিউল হুছেইন, অধিবক্তা ধনী আলী, চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়া, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, বৰপেটা জিলাৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক হেমেন দাসৰ উপৰিও কেইবাগৰাকী বিশিষ্ট লোকে ভাষণ প্ৰদান কৰে।
অভিনন্দন অনুষ্ঠানৰ পূৰ্বে চেঙা উদীয়মান যুৱ সংঘৰ উদ্যোগত এখনি কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হয়।
- Log in to post comments
- 5 views