লাহৰীঘাটত গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত মিঞা অসমীয়া পৰিষদৰ অৱস্থান ধৰ্মঘট

lah

লাহৰীঘাটৰ পৰা প্ৰতিবেদক

 

১৯৭৯ চনৰ পৰাই লাহৰীঘাটত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া আৰম্ভ হয় আৰু তেতিয়াৰে পৰাই লাহৰীঘাট সমষ্টিৰ ১০০ৰো অধিক গাঁও, ৫০টা মছজিদ, ৪০টা মন্দিৰ, ৬০খন বিদ্যালয় ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। ১০০ বিঘা মাটিৰ গৰাকীও হৈ পৰিছে বাটৰ ভিক্ষাৰী। লাহৰীঘাট সমষ্টিৰ খেতিয়ক, সৰল-সহজ ৰাইজ খহনীয়াত সৰ্বস্বান্ত হৈ এমুঠি ভাতৰ কাৰণে দেশৰ বিভিন্ন ঠাইত দিন হাজিৰা  কৰিবলৈ  গৈ  ভাৰতীয় হৈয়ো বিদেশীৰ অপবাদ ল’বলগা হৈছে৷ লগতে বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে।উল্লেখ্য যে লাহৰীঘাট সমষ্টিত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া আৰম্ভ হোৱাৰ সময়ৰে পৰা সমষ্টিটো প্ৰতিনিধিত্ব কৰি আছিল অসম চৰকাৰৰ প্ৰক্তন মন্ত্রী নজৰুল ইছলামৰ ককায়েক আবুল কাচেমে৷ কাচেমে ১৭ বছৰ ধৰি সমষ্টিটোত বিধায়ক হিচাপে আছিল৷

ii

আনহাতে, বৰ্তমানৰ বিধায়ক ডাঃ নজৰুল ইছলাম সমষ্টিটোৰ পাঁচবাৰকৈ বিধায়ক হোৱাৰ উপৰি তিনিবাৰকৈ মন্ত্রীও আছিল৷ কিন্তু তাৰপিছতো লাহৰীঘাট সমষ্টিৰ জনসাধাৰণৰ কথা কোনো দিনে চিন্তা কৰা নাই।উপায়ন্তৰ হৈ আজি মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত কাঠনিত ব্ৰহ্মপুত্ৰৰ পাৰত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত মিঞা অসমীয়া পৰিষদে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসুচী পালন কৰে।

 

ধৰ্মঘট কাৰ্যসুচীত লাহৰীঘাট সমষ্টিৰ বিধায়ক নজৰুল ইছলামক তীব্ৰ সমালোচনা কৰাৰ লগতে বিধায়কগৰাকীৰ প্ৰৱেশ নিষিদ্ধ কৰে। লগতে মিঞা অসমীয়া পৰিষদে লাহৰীঘাটৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা অতি সোনকালে গ্ৰহণ কৰিবলৈও চৰকাৰৰ ওচৰত দাবী জনায়৷ ইয়াৰ অন্যথা আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচন বৰ্জনৰো হুংকাৰ দিয়ে সংগঠনটোৱে৷ কাৰ্যসুচীৰ অন্তত অসম চৰকাৰৰ জলসম্পদ মন্ত্রী, মৰিগাঁও জিলাৰ উপায়ুক্ত তথা মিঞা অসমীয়া পৰিষদৰ কেন্দ্ৰীয় সভাপতিলৈ একোখনকৈ স্মাৰক-পত্ৰও প্ৰেৰণ কৰে৷ কাৰ্যসূচীত উপস্থিত থাকি জিলা উপায়ুক্তৰ হৈ লাহৰীঘাট ৰাজহচক্ৰৰ  চক্ৰ বিষয়া জুতিবা বৰুৱা আৰু জলসিঞ্চন মন্ত্ৰীৰ হৈ মৰিগাঁও জলসম্পদ বিভাগৰ অভিযন্তা প্ৰণৱ বৰাই স্মাৰক-পত্ৰ গ্ৰহণ কৰে৷

Your Comments