ৰিপুণ বৰাৰ সভাপতি পদত্যাগ এক নাটকহে-পাৰ্থপ্ৰতিম বৰা

par

'ৰিপুণ বৰাৰ সভাপতি পদৰ পৰা পদত্যাগ এক নাটকহে আছিল।ইন্দিৰা গান্ধীৰ মৃত্যুৰ সময়ত ৰিপুণ বৰাই হাঁহ মাৰি ভোজ খাইছিল নে নাই,তাৰ উত্তৰ দিয়ক।'সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ কৰি সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক পাৰ্থপ্ৰতিম বৰাই। 
       

তেওঁ লগতে কয় যে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ সমষ্টিত লোকসভা নিৰ্বাচনত প্ৰায় ৪৫,০০০ ভোটত কংগ্ৰেছৰ প্ৰাৰ্থীজনে পৰাজয় বৰণ কৰাৰ লগতে পঞ্চায়ত নিৰ্বাচনত তেওঁৰ সমষ্টিৰ ফলাফল আছিল শূন্য।তেওঁৰ নেতৃত্বত যিকেইটা নিৰ্বাচন অনুষ্ঠিত হৈছে,তাত কংগ্ৰেছ দল খুব বেয়াকৈয়ে পৰাস্ত  হৈছে। 
      

পাৰ্থপ্ৰতিম বৰাই কয়-'ৰিপুণ বৰাৰ বিফলতাক আঙুলিয়াই দিয়াৰ বাবেই মোক, দ্বিজেন শৰ্মা আৰু ৰমেশ জৈনক পৰিকল্পিতভাৱে ষড়যন্ত্ৰ কৰি দলৰ পৰা বহিষ্কৃত কৰিবলৈ বিচাৰিছিল।'

Your Comments