অ'ল্ড ট্রে'ফৰ্ডত কোহলি বাহিনীৰ পৰাক্ৰমত শোচনীয় পৰাজয় পাকিস্তানৰ

team india

নিউজ ডেস্ক :

প্ৰত্যাশিতভাৱেই অ'ল্ড ট্রে'ফৰ্ডত জয়ী হ'ল ভাৰত।খেলৰ কোনো সময়তে যোগ্য প্ৰতিদ্বন্দিতা আগবঢ়াব নোৱাৰিলে পাকিস্তানে আৰু বৰ্ষাবিঘ্নিত খেলত ডিএলএছ পদ্ধতিত ৮৯ ৰাণত শোচনীয়  পৰাজয় স্বীকাৰ কৰিলে পাকিস্তানে।


টছত জিকি পাকিস্তানে ভাৰতক বেটিং কৰিবলৈ কয় আৰু ৰোহিত 'হিটমেন' শৰ্মাৰ ১১৩ বলৰ মাৰমুখী ১৪০ ৰাণ,বিৰাট কোহলিৰ ৬৫ টা বলত ৭৭ ৰাণ,কে এল ৰাহুলৰ ৫৭ ৰাণ তথা হাৰ্ডিক পাণ্ড্যাৰ ২৬ ৰাণৰ সহায়ত ভাৰতে ৫ উইকেটত ৩৩৬ ৰাণ কৰে।ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তানে ৪০ অভাৰত অভাৰত ৬ উইকেটত ২১৬ কৰি ডিএলএছ পদ্ধতিত ৮৯ ৰাণত পৰাজয় স্বীকাৰ কৰে। ডিএলএছ পদ্ধতিত পাকিস্তানে ৪০ অভাৰত ৩০২ ৰাণৰ লক্ষ্য লাভ কৰিছিল।ফখৰ জামানে ৬২,বাবৰ আজমে ৪৮,ইমাদ ৱাচিমে ৪৬ ৰাণ কৰে।


ভাৰতৰ বিজয় শংকৰ,কুলদীপ যাদৱ আৰু হাৰ্ডিক পাণ্ড্যাই প্ৰত্যেকে ২ টাকৈ উইকেট দখল কৰে।কুলদীপ যাদৱে আজি চমকপ্ৰদ বলিং কৰে।তেওঁৰ স্পীনত পাকিস্তান আজি যথেষ্ট হেঁচাৰ মাজত থাকে আৰু ৰাণ গতি বৃদ্ধি কৰিবলৈ গৈ বেটছমেনসকলে নিজৰ উইকেট হেৰুৱাই।পাণ্ড্যাইও যথেষ্ট মানসম্পন্ন বলিং কৰে।


এতিয়ালৈকে বিশ্ব কাপত পাকিস্তান ভাৰতৰ হাতত একেৰাহে ৭ খন খেলত পৰাস্ত হ'ল।আজিৰ বিজয়ৰ পিছত দেশৰ প্ৰতিটো প্ৰান্ততে জনতাই মাজনিশা উৎসৱ পালন কৰে।ইফালে,পাকিস্তানত শোকৰ লহৰ বিয়পি পৰিছে।

Your Comments