মাজুলীত শীঘ্ৰে স্থাপন হ'ব সতী ৰাধিকাৰ কলাক্ষেত্ৰ - মুখ্যমন্ত্ৰী সোণোৱাল

majuli

 মাজুলীৰ পৰা ৰাজীৱ পাতিৰৰ প্ৰতিবেদন:

অসমৰ অন্যতম বীৰাংগনা নেত্ৰী সতী ৰাধিকাৰ স্মৃতি তথা তেওঁৰ আদৰ্শ সমাজত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে শীৰ্ঘে মাজুলীত স্থাপন কৰা হ'ব সতী ৰাধিকা কলাক্ষেত্ৰ। মাজুলী জিলা অনুসূচীত জাতি ৰাইজ আৰু অনুসূচীত জাতি বিভিন্ন দল সংগঠনৰ সহযোগত দেওবাৰে মাজুলী মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা অনুসূচীত জাতি সমাৰোহ আৰু সতী ৰাধিকা দিৱস অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা ঘোষণা কৰে। 

বীৰাংগনা গৰাকীৰ সামাজিক কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এগৰাকী কৈৱৰ্ত নাৰীক সমাজৰ উচ্চ আসনত স্থান দিছিল। যেতিয়া চাৰিওফালে বানপানীৰ মহাপ্ৰলয়ে সকলোকে গৃহহাৰা কৰি আহিছিল, তেতিয়া ৰাইজে গুৰুজনাৰ কাষ চাপি উপায় বিচাৰিছিল, তেতিয়া মহাপুৰুষ জনাই কৈছিল যে যদি কোনো সতী নাৰীয়ে প'ল' ৰ দ্বাৰা পানী আনিব পাৰে তেতিয়া মহাপ্ৰলয়ৰ অন্ত পৰিব। প'ল'ৰ দ্বাৰা পানী কঢ়িওৱা জানো সম্ভৱ! কিন্তু সকলোকে আচৰিত কৰি এজন মাছুৱৈৰ স্ত্ৰীয়ে সেয়া সম্ভৱ কৰি তুলিছিল। সেই সতীগৰাকীক গুৰুজনাই নাম দিছিল সতী ৰাধিকা। majuli2

ড° হৰিকান্ত দাসে সভাপতিত্ব কৰা উক্ত অনুষ্ঠানটি উদ্বোধন কৰে ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৱ কুমাৰ গামে। বিশিষ্ট অতিথি হিচাপে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, বিধায়ক বিমল বৰা, দেবেন হাজৰিকা, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ড° ডম্বৰুধৰ নাথ, ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়া আদিকে ধৰি বিশিষ্ট বক্তিসকল উপস্থিত থাকে। 

ইয়াৰ পিছত কমলাবাৰী ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু চিবিএছই ৰ দশম শ্ৰেণীৰ পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা নদীদ্বীপ জিলাখনৰ ২২৬ গৰাকী কৃতী শিক্ষাৰ্থীসকলক প্ৰশস্তি পত্ৰৰে সন্মানিত কৰাৰ লগতে তেওঁলোকক গ্ৰন্থ উপহাৰ দিয়ে। 

মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীৰ স্থানীয় বিধায়ক হিচাপে নিজা উদ্যোগত আয়োজন কৰা এই মেধাৱী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষিকেশ গোস্বামী আৰু টিংখাংৰ বিধায়ক বিমল বৰাই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি কৃতী শিক্ষাৰ্থীসকলক উৎসাহিত কৰে। এই অভিনন্দন অনুষ্ঠানত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ডম্বৰুধৰ নাথ আৰু মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰয়ো অংশগ্ৰহণ কৰে। 

অনুষ্ঠানত শিল্পী তুলিকা শইকীয়া সুমধুৰ গীত জোৰে ।

Your Comments