অ'ল্ড ট্রে'ফৰ্ডত আজি ক্ৰিকেটৰ 'মহাযুদ্ধ':ভাৰত ফেভাৰিট

varat pakisthan

নিউজ ডেস্ক:
মানচেষ্টাৰৰ অ'ল্ড ট্রে'ফৰ্ড খেলপথাৰত আজি ক্রিকেটীয় 'মহাযুদ্ধ'।বিশ্বকাপত সদায় পাকিস্তানক পৰাজয়ৰ সোৱাদ দি আহিছে ভাৰতে।তদুপৰি,চলিত বিশ্বকাপটো বৰ্তমানলৈ ভাৰতে দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ দৰে শক্তিশালী প্ৰতিপক্ষক পৰাস্ত কৰি মানসম্পন প্ৰদৰ্শন আগবঢ়াইছে।গতিকে,
স্বাভাৱিকভাৱেই আজি ভাৰতে আত্মবিশ্বাসী হৈ খেলত নামিব।


ইফালে,পাকিস্তানে চলিত বিশ্বকাপত চাৰিখন খেলৰ মাজত এখন খেলতহে জয়লাভ কৰিছে।তদুপৰি, বিশ্বকাপত ভাৰতৰ সৈতে পূৰ্বে সন্মুখীন হোৱা ৬ খন খেলতেই পাকিস্তান পৰাস্ত হৈছে।এনে কাৰণসমূহৰ বাবে খেল আৰম্ভ হোৱাৰ পূৰ্বেই পাকিস্তান বেকফুটত।


আজি ভাৰতে বিৰাট কোহলি, ৰোহিত শৰ্মা,মহেন্দ্ৰ সিং ধোনীৰ বেটিঙত ভৰসা কৰিয়েই খেলত অৱতীৰ্ণ হ'ব।অদৃশ্য অধিনায়ক এম এছ ধোনীৰ ৰণকৌশল ভাৰতৰ বাবে বিশেষ সম্পদ হিচাপে বিবেচিত হ'ব।ছীম আৰু ছুইং উপযোগী পৰিৱেশত বুমৰাহ,ছামী আৰু ভুৱনেশ্বৰ কুমাৰে ঘাতক বলিং কৰাৰ সম্ভাৱনা আছে।


ইফালে,বলিং শক্তিক আগস্থান দিয়েই পাকিস্তান খেলত নামিব।পাকিস্তানৰ ভৰসা বেগী বলাৰ মহম্মদ আমিৰ,হাছান আলী আৰু শ্বাহীন আফ্ৰিদী।বেটিঙত পাকিস্তানে নিৰ্ভৰ কৰিব ফখৰ জামান,বাবৰ আজম আৰু মহম্মদ হাফিজৰ ওপৰত।


খেলখনৰ বাবে ভাৰত আৰু পাকিস্তানৰ জনতাৰ উপৰিও ইংলেণ্ডৰ ভাৰত-পাক মূলৰ লোকসকলৰ মাজত প্ৰৱল উৎসাহ পৰিলক্ষিত হৈছে।অৱশ্যে বৰষুণ হোৱাক লৈ আশংকাতো ভুগিছে ক্ৰিকেট অনুৰাগীসকল।

Your Comments