বঙাইগাঁৱত গীতাল নাট্যশালাৰ উদ্যোগত ৯ জুলাইৰ পৰা নাট্য কৰ্মশালাৰ আয়োজন

bgn

বঙাইগাঁওঃ১৫ জুনঃ

বঙাইগাঁৱৰ 'গীতাল নাট্যশালা'ই অহা ৯ জুলাইৰ পৰা ২৩ জুলাইলৈকে শিশু,চেমনীয়া আৰু প্ৰাপ্তঃবয়স্কসকলৰ বাবে এক ১৫ দিনীয়া নাট্য কৰ্মশালাৰ আয়োজন কৰিছে ৷ বঙাইগাঁৱৰ অন্যতম সামাজিক -সাংস্কৃতিক অনুষ্ঠান বিজুলী ক্লাবত অনুষ্ঠিত হ'ব লগীয়া এই নাট্য কৰ্মশালাৰ বাবে ইতিমধ্যে প্ৰ-পত্ৰ দি থকা হৈছে ৷ নাট্য কৰ্মশালাত যোগদান কৰিব বিচৰাসকলক প্ৰ-পত্ৰৰ বাবে( ভ্ৰাম্যভাষ ৯৯৫৭১১৬১৪০,৯৮৬৪৬১১৬৮৮৫ আৰু ৯৯৫৭৭০৩৩৬১) আগতিয়াকৈ যোগাযোগ কৰিবলৈ কৰ্মশালাখনৰ পৰিচালক যোগীৰাজ চক্ৰৱৰ্তীয়ে অনুৰোধ জনাইছে ৷ অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰিবলগীয়া নাট্য কৰ্মশালাখনত লগতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক ৰাজীৱ কলিতাও প্ৰশিক্ষিক হিচাপে থাকিব বুলি কৰ্মশালাখনৰ পৰিচালকগৰাকীয়ে জানিবলৈ দিছে ৷

Your Comments