বাল্য বিবাহ সম্পাদনকাৰী স্বমেজ উদ্দিনৰ বিৰুদ্ধে হাউলী থানাত গোচৰ : গ্ৰেপ্তাৰৰ দাবী আমছুৰ

br

ৰঞ্জিত তালুকদাৰ, বৰপেটাৰোড ;
বাল্য বিবাহ হৈছে এক সামাজিক ব্যাধি | এই বাল্য বিবাহ এটি হাউলীৰ ইটাৰভিটাত সম্পাদন কৰাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে | জানিব পৰা মতে বৰপেটা জিলাৰ হাউলী আৰক্ষী থানাৰ অন্তৰ্গত বৰবালা গাওঁৰ ৰূপচান আলীৰ কণ্যা তথা বৰবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী ৰূপচিনা খাতুন(১৩)ক ইটাৰভিটা গাঁৱৰ ছিদ্দিকুৰ ৰহমানৰ পুত্ৰ ছানিদুল ইছলামে পলুৱাই আনি বুধবাৰে উক্ত গাঁৱৰে আব্দুল মান্নানৰ পুত্ৰ স্বমেজ উদ্দিনৰ মধ্যস্থতাত সামাজিকভাৱে বিবাহ কাৰ্য সম্পাদন কৰে |

উক্ত ঘটনাটোৰ খবৰ পাই আমছুৰ কদমগুৰি আঞ্চলিক সমিতিয়ে শুক্ৰবাৰে সন্ধিয়া বাল্য বিবাহ সম্পাদন কাৰী ছানিদুল ইছলাম,ছিদ্দিকুৰ ৰহমান আৰু স্বমেজ উদ্দিনৰ বিৰুদ্ধে বাল্য বিবাহ প্ৰতিৰোধ আইন - ২০০৬ৰ অধীনত ৯/১০/১১ নম্বৰ ধাৰাত ২৪৯/১৯ নম্বৰৰ এটি গোচৰ হাউলী থানাত পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে | উল্লেখ্য যে স্বমেজ উদ্দিন নামৰ উক্ত ব্যক্তিজনে ইটাৰভিটা অঞ্চলত বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপত লিপ্ত থাকে বুলি আমছুৱে অভিযোগ উত্থাপন কৰিছে | তেওঁৰ বিৰুদ্ধে পূৰ্বেও কেইবাটাও গোচৰ আদালতত চলি আছে |

এই সমস্ত ঘটনাটো নিৰপেক্ষ তদন্ত কৰি দোষী ব্যক্তিৰ বিৰুদ্ধ কঠোৰ পদক্ষেপ গ্ৰহন কৰিবলৈ সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন (আমছু)ৰ কদমগুৰি আঞ্চলিক সমিতিৰ সভাপতি সনজিবুল হকে আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছে |

Your Comments