দলগাৱত যৌতুকৰ নামত দাবী কৰা ধন দিব নোৱাৰাত পত্নীক হত্যা

dalgaon

দলগাৱৰ পৰা ৰিকী দাসৰ প্রতিবেদন :

ৰাজ্যত দ্ৰুতগতিত বোৱাৰী নিৰ্যাতনৰ ঘটনা সঘনাই বৃদ্ধি পাইছে। এনে এক ঘটনা পুনৰ পোহৰলৈ আহিছে। ঘটনাটো দৰং জিলাৰ দলগাওঁ থানাৰ অন্তৰ্গত টাকীমাৰীত।

ঘটনা বিৱৰণী মতে, দুয়োজনে দুয়োজনক অতি ভাল পোৱাৰ পিছত ঘৰৰ পৰা পলাই গৈ বিবাহত আবদ্ধ হয়।

যোৱা ২১/০৩/২০১৯ তাৰিখ যৌতুকৰ বাবদ স্বামী হাইদৰ আলী যে তেওঁৰ পত্নীক আচপিনা বেয়াকৈ মাৰ-ধৰ কৰি ঘৰৰ পৰা ওলাই দিয়ে, আনকি বোৱাৰী জনীৰ অভিভাৱক  দলগাওঁ থানাত এজাহাৰ দাখিল কৰিবলৈ যোৱাত আৰক্ষী বিষয়াই পৰামৰ্শ দিয়ে যে গাঁৱৰ মুখিয়াল ব্যক্তিয়ে ঘটনাটো মীমাংসা কৰিব, এই বুলি আশা দিয়ে আৰু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, এনেকৈ গৰ্ভৱতী বোৱাৰীজনী ঘৰ সংসাৰ চলাই আহিছে ।হঠাৎ আকৌ যোৱা ইং ১১/০৬/২০১৯ ৰাতিপুৱা অনুমান ৯ টা মান বজাত বোৱাৰীজনীক (আচপিনা) ৰ নগদ এক লাখ টকা যৌতুকৰ বাবদ দাবী কৰিছিল আৰু টকা খিনি দিব নোৱাৰাত আপচিনা ৰ স্বামী এ নিৰ্মমভাবে মাৰপিট কৰি ডিঙিত ৰচি লগাই ঘৰৰ ভিতৰত ওলমাই থয়।
এই সন্দৰ্ভত আপচিনাৰ অভিভাৱক এ দলগাওঁ আৰক্ষী মহোদয়ৰ ওচৰ চাপে আৰু মহোদয়ে কয় যে এইবোৰ এজাহাৰ দি একো কাম নাই বুলি মন্তব্য দিয়ে।
উক্ত ঘটনা কেন্দ্ৰ কৰি বি পি এফ দলৰ কেন্দ্ৰীয় সমিতিৰ organization secretary দিলোৱাৰ হুছেইন ডাঙৰীয়া,অসম সংখ্যা লঘু সংগ্ৰাম পৰিষদ (টাকীমাৰী আঞ্চলিক)অসম সংখ্যা লঘু ছাত্ৰ সন্থা (আমছু,টাকীমাৰী আঞ্চলিক) মৃত্যু আপচিনাৰ বিদেশী আত্মাৰ শান্তি কামনাৰ লগতে অতি দুখ প্ৰকাশ কৰে। তেখেতে আৰক্ষী প্ৰশাসন ও অসম চৰকাৰলৈ দাবী জনায় যে এনেকুৱা ঘটনা বেলেগ আপচিনা ৰ লগত যাতে দ্বিতীয়বাৰ নহয় আৰু উক্ত ঘটনা তদন্ত কৰি দোষীক উচিত শাস্তি পাব বুলি আশা ৰাখে। অঞ্চলৰ বহুসংখ্যক মহিলাই আৰক্ষী বিষয়ালৈ দাবী উত্থাপন কৰে যে আপচিনা ৰ ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি পাব লাগে বুলি  দাবী কৰে ।

Your Comments