শ্বহীদ নিৰোদ শৰ্মাৰ বাসগৃহত প্ৰদেশ কংগ্ৰেছৰ ড° ভূমিধৰ বৰ্মন

bhumidhar

নলবাৰীৰ প্ৰতিবেদক:

১২ জুনত কাশ্মীৰত সংঘটিত হোৱা এক সন্ত্ৰাসবাদীৰ কুটাঘাতমূলক কাৰ্যত মাতৃভূমিৰ সেৱাত ব্ৰতী হৈ প্ৰাণাহুতি দিয়া নলবাৰী জিলাৰ টিহু-বৰমাৰ নিকটৱৰ্ত্তী দহকনীয়া অঞ্চলৰ বীৰ সন্তান নিৰোদ শৰ্মাৰ বাসগৃহত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা প্ৰতিনিধি দল। বীৰ শ্বহীদ গৰাকীৰ বাসগৃহত উপস্থিত হৈ শ্বহীদ গৰাকীৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি শ্বহীদৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ড৹ ভূমিধৰ বৰ্মন আৰু তেখেতৰ নেতৃত্বত অহা প্ৰতিনিধি দলটোৱে। প্ৰতিনিধি দলটোত আছিল প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা, সম্পাদক শৈলেন কলিতাৰ লগতে যুৱ কংগ্ৰেছৰ উপ সভাপতি ৰাতুল পাটোৱাৰী, সমষ্টি সমন্বয়ক ৰাতুল কলিতা, নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি হালৈ, সুনীল পবন পাঠক, টিহু ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি লুটফুৰ ৰহমান। 

তেখেত সকলে নিৰোদ শৰ্মাৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে দেশৰ মাটিত চলি থকা এনে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ তীব্ৰ বিৰোধিতা কৰি এনে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চৰকাৰক কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়।

Your Comments