দৌলপুখুৰী পাৰ হাইস্কুলৰ চাৰি অৱসৰপ্ৰাপ্ত শিক্ষকক বিদায় সম্বৰ্ধনা

naren sarma

বাহাৰঘাটৰ পৰা নৰেন শৰ্মাৰ প্ৰতিবেদন:

ৰঙিয়া মহকুমাৰ দক্ষিণ দিশৰ পশ্চিম বড়িগোগ মৌজাৰ অন্তৰ্গত পশ্চিম বড়িগোগ দৌলপুখুৰী পাৰ হাইস্কুলৰ চাৰি গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক আজি বিদ্যালয় প্ৰাংগনত শিক্ষক, অভিভাৱক, ছাত্ৰ ছাত্ৰী আৰু শুভকাংখীৰ উপস্থিতিত বিদায় সম্বৰ্ধনা জনোৱা হয়৷ বিদায় সভা অনুস্থিত হোৱাৰ আগতে চাৰিও গৰাকী বিদায়ী শিক্ষকক নিজ নিজ গৃহৰ পৰা শোভাযাত্ৰা কৰি আদৰি আনে৷ ইয়াৰ পিছতে আবেলি দুই বজাত বিদ্যালয়খনৰ  অন্য এজন অৱসৰপ্ৰাপ্ত শিক্ষক ৰমেশ চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুস্থিত হোৱা সভাত অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক শিক্ষক লঙ্কেশ্বৰ ডেকা, সহ: শিক্ষক ক্ৰমে অৱনীকান্ত লহকৰ, অমূল্য কলিতা আৰু চামচুল হকক ফুলাম গামোচা, মানপত্ৰ, শৰাই, ছাতি, ধৰ্মগ্ৰন্থ, কলম আদিৰে সম্বৰ্ধনা জনায়৷ 

উক্ত অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি খগেন দাস আৰু দুগৰাকী ছাত্ৰীয়ে বিদায়ী শিক্ষক কেইগৰাকীক গামোছাৰে সম্বৰ্ধনা জনায়৷ সম্বৰ্ধনা গ্ৰহণ কৰি চাৰি বিদায়ী শিক্ষকে কয় যে আমি বিদায় ল'লেও তোমালোকৰ লগত সদায় থাকিম। কৰ্তব্যৰ সময়ৰ ঘাট প্ৰতিঘাতৰ স্মৰণ কৰি আবেগিকভাৱে তেওঁলোকে ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি একমুখে কয় যে আমাৰ কষ্টকৰ দিনৰ প্ৰকৃত সৃষ্টি তোমালোক। তোমালোকৰ ভাল দেখিলে আমাৰ হৃদয় উঠলি উঠে৷ 

শিক্ষক নাউধন ডেকাই সভাৰ উদ্দেশ্য ব্যখ্যা কৰা সভাখনত সম্বৰ্ধনাৰ আঁতধৰে প্ৰধান শিক্ষক আব্দুল মোন্নাফে৷ সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মানিক দাস, প্ৰধান শিক্ষক আব্দুল মোন্নাফ, শিক্ষক মহিম কলিতা, ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰাও বিদায়ী শিক্ষক কেইগৰাকীৰ কৰ্মময় জীৱনৰ গুন বখানি বক্তৃতা প্ৰদান কৰে৷ 

আনহাতে, উক্ত সভাতে আমন্ত্ৰিত অতিথি হিচাবে অংশগ্ৰহণ কৰি সাংবাদিক নৰেন শৰ্মাই ভাষণ প্ৰসংগত কয় যে বৰ্তমান বেচৰকাৰী বিদ্যালয়ৰ প্ৰতি সকলো পৰ্যায়ৰ ৰাইজৰ আদৰ বাঢ়িলেও দৌলপুখুৰী পাৰ হাইস্কুলৰ নিচিনা শিক্ষানুষ্ঠানৰ জনপ্ৰিয়তা হ্ৰাস পোৱা নাই৷ যাৰ ফলত পূৰ্বৰ তুলনাত এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উক্ত বিদ্যালয়ে ভাল ফললৈ গৌৰৱ কৰিব পাৰিছে।

Your Comments