শিলচৰত মছজিদৰ ইমামৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ

শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্ৰতিবেদন:

শুক্ৰবাৰ সন্ধিয়া শিলচৰত সংঘটিত হৈছে মছজিদৰ ইমামৰ ওপৰত আক্ৰমণৰ দৰে ঘটনা সংঘটিত হৈছে। উক্ত আক্ৰমণত আহত ইমামজন হৈছে টাউন মছজিদৰ ইমাম মাওলানা হুছেইন আহমদ বুলি জানিৱ পৰা গৈছে।

দুৰ্বৃত্ত কেইটাৰ বিৰুদ্ধে শিলচৰ সদৰ আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে ইমাম হোছেইন আহমদে।

উক্ত ঘটনাৰ পিছত দুষ্কৃতিকাৰীক  আটক কৰাৰ দাবীত ৰাইজে ঘেৰাও কৰে শিলচৰ সদৰ আৰক্ষী চকী। জিলা প্ৰশাসনৰ তৎপৰতাত বৰ্তমানে পৰিস্থিতি নিয়ন্ত্ৰণত বুলি জানিব পৰা গৈছে।

দোষীক আটক কৰি শাস্তি দাবী জনাইছে সোনাইৰ যুৱ নেতা চুফিয়ান আহমদে।

Your Comments