চেঙাৰ পৰা সুৰজিৎ পাঠকৰ প্ৰতিবেদন:
বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গোমাফুলবাৰী ঘাটত আজি এটি অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰৰ পানীত ওপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ স্থানীয় লোকে। স্থানীয় লোকে ততাতৈয়াকৈ তাৰাবাৰী আৰক্ষীক খবৰ দিয়ে। খবৰ পোৱা মাত্ৰেই তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসৰ তৎপৰতাত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি বৰপেটাৰ ফখৰউদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ মৰ্গলৈ প্ৰেৰণ কৰে। মৃতদেহটো মৰ্গত ৭২ ঘন্টা ৰখা হ'ব বুলি জানিব পৰা গৈছে।
- Log in to post comments
- 4 views