এনডিটিভিৰ শীর্ষপদ এৰিব লাগিব প্রণয় ৰায়ে, ছেবিৰ নির্দেশ

pran

নিউজ ডেস্ক:

ভাৰতৰ আগশাৰীৰ ৰাষ্ট্ৰীয় টেলিভিচন চেনেল এনডিটিভিৰ সকলো শীৰ্ষ পদ এৰিব লাগিব প্ৰণয় ৰায় আৰু তেওঁৰ পত্নী ৰাধিকা ৰায়ে। ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোর্ড অণ্ডিয়া (ছেবি)। দুবছৰৰ বাবে সংস্থাৰ ডিৰেক্টৰৰ পদ এৰিব লাগিব বুলি ছেবিয়ে শুক্ৰবাৰে এই নিৰ্দেশ জাৰি কৰে। ইয়াৰ লগতে তেওঁলোকৰ সংস্থা আৰ আৰ পি আৰ-ৰ(ৰাধিকা ৰায় প্রণয় ৰা) হ’ল্ডিংছ আৰু শ্বেয়াৰ বজাৰত প্ৰবেশ কৰিব নোৱাৰিব বুলি ছেবিয়ে নিৰ্দেশ জাৰি কৰে।
ছেবি অভিযোগ মতে, ২০০৮ চনৰ পৰা ২০১০ চনৰ ভিতৰত দুট ঋণ প্রদাণকাৰী সংস্থা লগত হোৱা সংস্থা চুক্তি তথ্য শ্বেয়া বজাৰত গোপন কৰিছে প্রণয় ৰায় আৰু ৰাধিকা ৰায়ে। এই অভিযোগৰ পৰিপ্রেক্ষিতে ছেবিয়ে এই নির্দেশ জাৰি কৰে। ইতিমধ্যে ছেবি নির্দেশ তীব্র বিৰোধিতা কৰি এনডিটিভি কর্তৃপক্ষ আইনি যুঁজৰ বাবে সকলো প্রস্তুতি আৰম্ভ কৰিছে। সংবাদ  গোষ্ঠীৰ বিৰুদ্ধে ছেবি এই নজিবিহীন নির্দেশক কেন্দ্ৰ কৰি সমগ্ৰ দেশৰ সংবাদ জগত তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে। বিভিন্ন মহলে ছেবিৰ এনে নিৰ্দেশৰ আঁৰত ৰাজনৈতিক প্ৰতিহিংসা থকা বুলি অভিযোগ কৰিছে। উল্লেখ্য যে ইতিপূৰ্বে ভালেমান বিষয়ত এনডিটিভিয়ে চৰকাৰ বিৰোধী স্থিতি লোৱাৰ কাৰণে প্ৰণয় ৰায় কেইবাবাৰো কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা হাৰাশাস্তিৰ সন্মুখীন হৈছিল। এই বিষয়টোক লৈ বিভিন্ন মহলে বাৰেবাৰে প্ৰশ্ন তুলিছে।

জানিব পৰা মতে, ২০০৮ চনৰ পৰা ২০১০ চনৰ ভিতৰত এনডিটিভিয়ে প্রথমে আইচিআইচিআই বেংক আৰু পিছত বিশ্বপ্রধান কমাৰ্চিল প্রাইভেট লিমিটেড (ভিচিপিএল) নামটা সংস্থা পৰা ঋণ লৈছিল। কিন্তু এই সম্পৰ্কীয় কোনো তথ্য প্রণয় ৰায় আৰু ৰাধিকা ৰায়ে শ্বেয়া বজাৰক সদৰী কৰা নাছিল। ফলত এইবোৰ কথা নজনাকৈ বহু বিনিয়োগকাৰীয়ে শ্বেয়াৰ বজাৰত এনডিটিভি-ত বিনিয়োগ কৰিছে। তেওঁলোকৰ এই কাৰ্যক প্ৰতাৰণা বুলি আখ্যা দি তৰা এক অভিযোগৰ পিছতেই ছেবিয়ে শুক্ৰবাৰে এনডিটিভিৰ শীর্ষপদৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ জাৰি কৰে।  
বর্তমান প্রণয় ৰায়ে  এনডিটিভির এক্সিকিউটিভ ডিৰেক্ট চেয়াপাৰ্ছন পদত কাৰ্য নিৰ্বাহ কৰি আছে। তেওঁৰ পত্নী ৰাধিকা ৰায় সংস্থা এক্সিকিউটিভ ডিৰেক্টৰ পদত আেছ।। প্রণয় ৰা আৰু তেওঁৰ পত্নী ৰাধিকা ৰায়ে
কয় যেছেবি এই নির্দেশ ভয়া, আইন ভুল আৰু বিকৃত প্রয়োগ। ছেবি নির্দেশ বিৰুদ্ধে তেওঁলোক আদালত দ্বাস্থ হ’ব বুলিও জনায়। ইয়াতে উল্লেখ কৰিব পাৰি যে ২০১৭ চনতো প্রণয়-ৰাধিকাৰ ঘৰ আৰু কাৰ্যালয়ত চিবিআয়ে বিত্তীয় অনিয়মৰ অভিযোগত তালাচী চলাইছিল যদিও আপত্তিজনক বা বেআইনি কোনো তথ্যই পোৱা নাছিল। প্রণয় ৰাহৈছে দেশৰ টেলিভিশন নিউজ চেনেলৰ পথিকৃৎবিৰোধী ৰাজনৈতিক দলবিলাকে অভিযোগ কৰি কয় যে  বিজেপি বিৰোধী বাতৰি সম্প্রচাৰ কৰাৰ কাৰণেই ৰায়ক বাৰে বাৰে হাৰাশাস্তি কৰি থকা হৈছে।

Your Comments