শিৱসাগৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান 'খোজ'ৰ পঞ্চম বৰ্ষপূৰ্তি পালন

sibsagar

কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰ

 শিৱসাগৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান 'খোজ'ৰ পঞ্চম বৰ্ষপূৰ্তি অনুষ্ঠান শুকুৰবাবে চহৰৰ লখিমী নগৰ মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয়। লখিমী নগৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ব্ৰজেন বড়াই অনুষ্ঠানটোৰ আদৰণি ভাষণ প্ৰদান কৰে। নৱনীত হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট সাহিত্যিত প্ৰেম গগৈ, সাংবাদিক মণিৰুল ইছলাম বড়া, বিশিষ্ট শিল্পী দূৰ্লভ বড়া, ছাত্ৰ নেতা প্ৰদীপ বৰগোহাঁইয়ে একোটিকৈ গছ পুলি ৰূপণ কৰি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে। 

'খোজ'ৰ এই পঞ্চম বৰ্ষপূতি অনুষ্ঠানত শিশু আলোচনী মৌচাকৰ সম্পাদক শান্তনু তামুলী, ৰাজ্যসভাৰ নৱ নিৰ্বাচিত সাংসদ কামাখ্যা প্ৰসাদ তাচা, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰ জ্যোতি মহন্ত, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰী, জিলা পৰিবহণ বিষয়া সদানন্দ গগৈ,  চিকিৎসক উদয়াদিত্য ৰাজকোঁৱৰ, নিবন্ধকাৰ পাৰ্থ প্ৰদীপ বৰা, পৌৰনেত্ৰী মৃদুস্মিতা সিনহা উপস্থিত থাকি বহুমূলীয়া বক্তব্য আগবঢ়ায়। 

অনুষ্ঠানত 'খোজ' ৰ দ্বাৰা প্ৰকাশিত সাহিত্যিক প্ৰেম গগৈৰ 'অসম বুৰঞ্জীৰ ৰূপকথা', জয়ন্ত মাধৱ গগৈৰ 'কাজিৰঙাৰ সাধু',  'ভাললগা সাধু',  নবীন বুঢ়াগোহাঁইৰ 'শেষ ৰহস্য আৰু অন্যান্য কাহিনী', শীৰ্ষক শিশুগ্ৰন্থ উন্মোচন কৰা হয়। আনহাতে খোজ ৰ সম্পাদক জয়জ্যোতি গগৈৰ বিশেষ নিৰ্দেশনা,  নবীন বুঢ়াগোহাঁৰ পৰিকল্পনা আৰু বলীন গগৈৰ সম্পাদনাৰে নিৰ্মিত 'বুৰঞ্জীয়ে পৰশা শিৱসাগৰ' শীৰ্ষক এখনি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। 

অনুষ্ঠানত জেষ্ঠ্য সাংবাদিক সুমেশ ডেকা, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰতাপ চন্দ্ৰ দত্ত, ছাত্ৰ নেতা বসন্ত গগৈ, সমীৰণ ফুকন, 'খোজ' ৰ সভাপতি ৰোহিনী গগৈ, লেখক আচাদ উল্লাহ, সাংবাদিক মুক্তাৱ হুছেইন, মুজাহিদ আলি, নজিউল্লা হাজৰিকা, হিমাংশু নেওগ, প্ৰঞ্জল পূজাৰী, কবি অনুপ কুমাৰ বৰুৱা, শিক্ষক মহেন্দ্ৰ নাথ, যুৱ সমাজকৰ্মী আকাশ দুৱৰীকে ধৰি বহুটো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Your Comments