পাথাৰকান্দিৰ বিজেপি দলৰ বিধায়ক কৃষ্ণেন্দু পালক প্ৰাণে মাৰাৰ ভাবুকি

krishnendu paul

শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্ৰতিবেদন:

পাথাৰকান্দিৰ বিজেপি দলৰ বিধায়ক কৃষ্ণেন্দু পালক অপৰিচিত এটা নম্বৰে মেছেজৰ যোগেদি প্ৰাণে মাৰাৰ ভাবুকি প্ৰদান কৰে। কেৱল মেছেজতে ক্ষান্ত নাথাকি অচিনাকি ব্যক্তিজনে পৰৱৰ্তী সময়ত ফোন কৰি প্ৰাণে মৰাৰ ভাবুকি দিয়ে বুলি জানিব পৰা গৈছে।

উক্ত সময়চোৱাত বিধায়কজন গুৱাহাটীত থকাৰ ভাৱে বিষয়টোত গুৰুত্ব দিয়া নাছিল যদিও এতিয়া কৰিমগঞ্জলৈ আহি আৰক্ষীৰ কাষ চাপিছে।

বিধায়কজনে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকক লগ ধৰি ফোনকল আৰু মেছেজৰ বিৱৰণ তুলি ধৰে। বিধায়কজনৰ পৰা অভিযোগ পাই তদন্তত নামি পৰে কৰিমগঞ্জ আৰক্ষীৰ এটা দলে তদন্ত আৰম্ভ কৰে। প্ৰাথমিক তদন্তত মোবাইলটোৰ লোকেচন হাইলাকান্দি পোৱা গৈছে। 

আৰক্ষীয়ে জনোৱা মতে, অতি কম সময়ৰ ভিতৰতেই কৰিমগঞ্জ আৰক্ষীৰ জালত পৰিব দুস্কৃতিকাৰী।

Your Comments