মাজুলীৰ বিশেষ প্ৰতিবেদক
প্ৰস্তাৱিত মাজুলীৰ জেংৰাইমুখ আদৰ্শ চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ প্ৰায় এটা বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো ৰাজ্য চৰকাৰে চিকিৎসালয়খন ৰাইজৰ সেৱাত মুকলি নকৰাত বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
জেংৰাইমুখ টাউন উন্নয়ন সমিতিৰ সম্পাদক উদ্ধৱ দলেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে জেংৰাইমুখ তথা বৃহত্তৰ উজনি মাজুলীৰ জনসাধাৰণৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি জেংৰাইমুখ আদৰ্শ চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে । এই বৃহৎ প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰা হৈছে বিগত এবছৰৰ পূৰ্বে । কিন্তু আশ্চৰ্যজনকভাৱে বৰ্তমানলৈকে ৰাইজৰ সেৱাত মুকলি নকৰা কাৰ্য্যৰ বাবে মাজুলীৰ স্থানীয় বিধায়ক তথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অহা ১৬ জুনত মাজুলীলৈ অহাৰ সময়ত তেওঁৰ নিজৰ স্হিতি স্পষ্ট কৰিব লাগে। ঠিক একেদৰে জেংৰাইমুখ ব্যৱসায়য়ী সন্থাৰ সম্পাদক যাদৱ দলেই জেংৰাইমুখ আদৰ্শ চিকিৎসালয়খন মুকলি নকৰাত বৃহৎ জনবহুল ঠাইখনৰ বিভিন্ন ৰোগীয়ে তীব্ৰ সমস্যাৰ সন্মুখীন হোৱাৰ কথা প্ৰকাশ কৰিছে । এমএমকে চেৰপাই আঞ্চলিক সমিতিৰ সভাপতি আপাং পেগুয়ে চিকিৎসালয়খনৰ গৃহ সম্পূৰ্ণ কৰা ইতিমধ্যে এটা বছৰ অতিক্ৰম কৰিলে,কিন্তু মুকলি নকৰাৰ ৰহস্যৰ কথা মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰাৰ প্ৰয়োজন বুলি কয় । কুমাৰবাৰী গাঁও উন্নয়ন সমিতিৰ সম্পাদক অজয় পেগু, বৰপমুৱা গাঁও উন্নয়ন সমিতিৰ সভাপতি মাজুন দলে আদিকে ধৰি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে জেংৰাইমুখ আদৰ্শ চিকিৎসালয় শীঘ্ৰে মুকলি কৰাৰ বাবে উদ্যোগ লবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দাবী জনাইছে ।
উল্লেখ্য যে চাৰি কোটি নব্বৈ লাখ টকা ধনৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা জেংৰাইমুখ আদৰ্শ চিকিৎসালয়ত অধীক্ষক হিচাপে ডাঃ পবিত্ৰ মিলিক নিযুক্তি দিয়া হৈছে । তদুপৰি ষ্টাফ নাৰ্চ ৬ গৰাকী, ৱাৰ্ড বয় দুজন,ৱাৰ্ড গাৰ্ল তিনিগৰাকী, মেট্ৰন এগৰাকী,টেকনিকচিয়ান এজন ইতিমধ্যে নিযুক্তি দিয়া হৈছে । ঠিক একেদৰে এজন ফাৰ্মাচিষ্ট আৰু একাউণ্টেন্ট এজনে যোগদান কৰিছিল যদিও বৰ্তমান অন্য জিলালৈ বদলি লোৱা বুলি জানিব পৰা গৈছে ।
ইফালে,আদৰ্শ চিকিৎসালয়ৰ বাবে বিভিন্ন বিভাগৰ চিকিৎসক এতিয়াও ছয়গৰাকীক নিযুক্তি দিব লাগে,কিন্তু সেয়া হৈ উঠা নাই। ফলত স্থানীয় তথা উজনি মাজুলীৰ বিভিন্ন দল-সংগঠনে উদ্বিগ্নতা প্ৰকাশ কৰিছে । উল্লেখ্য যে যোৱা বছৰৰ ৩ জুলাইত মাজুলী ভ্ৰমণলৈ অহা ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নৱনিৰ্মিত জেংৰাইমুখ আদৰ্শ চিকিৎসালয় পৰিদৰ্শন কৰি অহা ১৫ আগস্টত ৰাইজৰ সেৱাত চিকিৎসালয়খন মুকলি কৰাৰ কথা প্ৰকাশ কৰিছিল যদিও কাৰ্য্যত: যোৱা এবছৰে মুকলি নকৰাত স্বাস্থ্যমন্ত্ৰীৰ কথা মিথ্যাচাৰত আশ্ৰয় লোৱাৰে প্ৰতিপন্ন হৈছে।
ইফালে,উজনি মাজুলীৰ ছয়খন গাওঁ পঞ্চায়তৰ প্ৰায় পঞ্চাশ হাজাৰ জনসাধাৰণৰ লগতে লখিমপুৰ জিলাৰ অন্তৰ্গত ঢকুৱাখানাৰ বাম গাওঁ,বাঘমৰা, নামনি বৰ্ষামুখ,লাতিবৰচুক,বালি দেউৰী,পূব তেলাহীৰ জেংৰাই শিঙিমাৰী, বাময়াচুক, এছেৰাকটা বালিজান, গামচুক, মৰাকুকুৰা, আদিসূতি, ন ঢলা, পুৰণি, মৰ্টন চাপৰি,য়েকেন, মটুম, বালি গাওঁ,টামাৰ গাওঁ, আদিকে ধৰি প্ৰায় অৰ্ধশতাধিক গাঁৱৰ ৰোগীয়ে বৰ্তমান জেংৰাইমুখ থকা জেংৰাইমুখ ক্ষুদ্র প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে আহে।ইয়াৰ পৰিপ্ৰেক্ষিতত জেংৰাইমুখ আদৰ্শ চিকিৎসালয়খন শীঘ্ৰে মুকলি কৰিবলৈ দাবী জনাইছে সকলো দল- সংগঠনে ।
- Log in to post comments
- 13 views