বহু প্ৰত্যাশিত উৰীয়ামঘাত আদৰ্শ চিকিৎসালয়ৰ শুভ উদ্বোধন

sarupathar

সৰুপথাৰৰ পৰা নবীন বৰাৰ প্ৰতিবেদন, ১৪ জুন:

ধনশিৰী মহকুমাৰ অসম নাগালেণ্ড সীমান্তত বহু জল্পনা কল্পনাৰ ওৰ পেলাই বৃহস্পতিবাৰে অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্রী পীযুছ হাজৰিকাই শুভ উদ্বোধন কৰে ৰাজ্যৰ ৮৩ সংখ্যক আদৰ্শ চিকিৎসালয়খন‌। উক্ত অনুষ্ঠানটোত সংগ দিয়ে সৰুপথাৰ সমষ্টিৰ বিধায়িকা ৰৌজ লীনা তীৰ্কি আৰু অগপ ৰ প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালাই। বৰ্তমান তিনিজন চিকিৎসক, ছয় গৰাকী নাৰ্ছ আৰু অন্যান্য কৰ্মচাৰী সকলৰে  আৰম্ভ হ'ব চিকিৎসালয় খনৰ চিকিৎসা সেৱা। 

মন্ত্ৰী গৰাকীৰ ভাষণত গুৰুত্ব পালে সঘনাই নগা দুৰবৃত্তই অসমৰ জনসাধাৰণৰ ওপৰত কৰা আক্ৰমনৰ কথাও। বিভিন্ন সমস্যাৰে জৰ্জৰিত ধনশিৰী মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ এই আদৰ্শ চিকিৎলয়খনে অঞ্চলটোৰ ৰাইজক উন্নতমানৰ চিকিৎসা প্ৰদান কৰিব বুলি স্থানীয় ৰাইজে আশা প্ৰকাশ কৰিছে৷ কিন্তু ভৱিষ্যতৰ দিনত এই আদৰ্শ চিকিৎসালয় খনে কেনে ভুমিকা প্ৰদান কৰে সেয়া লক্ষণীয় হ'ব৷

Your Comments