নগাঁও, ১৪ জুন :
কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে তিনি তালাক নিষিদ্ধ কৰাৰ বাবে এক অধ্যাদেশ জাৰি কৰি ৰাজ্য সভা আৰু লোকসভাত এখন বিধেয়ক পাছ কৰাৰ প্ৰস্তুতি গ্ৰহণ কৰাৰ সময়ত নগাঁও জিলাৰ জুৰীয়া অঞ্চলৰ এগৰাকী আমছু নেতাই নিজ পত্নীক ডাকযোগে তিনি তালাকৰ পত্ৰ প্ৰেৰণ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত অভিযোগ অনুসৰি, জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত মাহেৰীপাৰ গাঁৱৰ বাসিন্দা তথা এগৰাকী আমছু নেতা আব্দুল লতিফে তেওঁৰ পত্নী জেছমিনা বেগমৰ স্থানীয় কলনি জলাহ গাঁৱৰ গৃহলৈ ডাকযোগে তিনি তালাকৰ এখন পত্ৰ প্ৰেৰণ কৰে। আজি পত্নী গৃহৰ পৰিয়ালৰ লোকে এই পত্ৰখন লাভ কৰি হতভম্ব হৈ পৰে।
উল্লেখ্য যে এটা কন্যা সন্তানৰ পিতৃ আব্দুল লতিফে পত্নীৰ সৈতে দীৰ্ঘদিন ধৰি এক গৃহ কন্দলত লিপ্ত হৈ আছিল। তদুপৰি তেওঁ পত্নীক যৌতুক দাবীৰে শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল। যোৱা ৯ জুনৰ দিনাও পত্নীক শাৰিৰীক নিৰ্যাতন চলোৱাতে ক্ষান্ত নাথাকি গাত কেৰাচিন তেল ঢালি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত ইতিমধ্যে জুৰীয়া আৰক্ষী থানাত স্বামীসহ তেওঁৰ পৰিয়ালৰ একাংশ সদস্যৰ বিৰুদ্ধে পত্নী জেছমিনাই দাখিল কৰা এক এজাহাৰ ভিত্তিত আৰক্ষী থানাত ২৩১/১৯ নম্বৰত এক গোচৰ পঞ্জীয়ন হৈছে। এজাহাৰখনত জেছমিনাই উল্লেখ কৰা মতে, তেওঁৰ স্বামীয়ে আন এগৰাকী মহিলাৰ সৈতে পৰকীয়া প্ৰেমত পৰিছে। ইতিমধ্যে তেওঁ সেই গৰাকী মহিলাক গোপনে বিবাহ কাৰ্যও সম্পন্ন কৰিছে। যাৰ বাবে জেছমিনাক স্বামী লতিফে বিগত কিছুদিন ধৰি যৌতুক দাবীৰ অচিলাৰে অত্যাধিক শাৰিৰীক আৰু মানসিক নিৰ্যাতন আৰম্ভ কৰিছিল। অৱশেষত স্বামীৰ অকৰ্থ্য নিৰ্যাতন সহিব নোৱাৰি যোৱা ৯ জুনত স্বামী গৃহ ত্যাগ কৰিবলৈ বাধ্য হয়।
মনকৰিবলগীয়া যে, চতুৰ স্বামী লতিফে যোৱা ৭ মাৰ্চত "তালাক নামা"ত সাক্ষৰ কৰা বুলি উল্লেখ কৰিছে যদিও এই প্ৰতিলিপি আজিহে হঠাৎ ডাকযোগে পত্নীয়ে লাভ কৰে। ধৰ্মীয় ৰীতি-নীতি অনুসৰি তিনি মাহত তিনি তালক পত্নীক দিব পাৰে যদিও পূৰ্বে পত্নীয়ে প্ৰথম আৰু দ্বিতীয় তালাকৰ কোনো পত্ৰ বা মন্তব্য লাভ কৰা নাই বুলি পত্নীৰ পৰিয়ালৰ লোকে আজি সংবাদ মাধ্যমৰ আগত অভিযোগ কৰিছে। ইয়াৰ বিপৰীতে আব্দুল লতিফে প্ৰেৰণ কৰা তালাক নামাত "৩ নং তালাক" বুলি উল্লেখ কৰা কাৰ্যই যথেষ্ট ৰহস্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, আব্দুল লতিফ আমছুৰ এগৰাকী কেন্দ্ৰীয় উপদেষ্টা। যি সময়ত আমছুৱে ৰাজ্য জুৰি বাল্য বিবাহ, যৌতুক দাবী আদি কু সংস্কাৰৰ বিৰুদ্ধে হাতে কামে পদক্ষেপ গ্ৰহণ কৰাৰ ওপৰিও বিভিন্ন ঠাইত সজাগতা সভা অনুষ্ঠিত কৰিছে, তেনে সময়ত তেওঁৰ দৰে এগৰাকী আমছু নেতাই পত্নীক নিৰ্যাতন কৰাৰ পিছত তিনি তালাকৰ পত্ৰ প্ৰেৰণ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত কি স্থিতি গ্ৰহণ কৰে বা ধৰ্মীয় নীতি-নিয়ম মতে তিনি তালাক গ্ৰহণযোগ্য হয় নহয়, সেয়া পৰৱৰ্তী সময়ত লক্ষ্যনীয় হ'ব।
- Log in to post comments
- 91 views
