পশ্চিমবঙ্গত চিকিৎসক ধৰ্মঘটত ভয়ংকৰ বিপৰ্যস্ত স্বাস্থ্যসেৱা

nrs

নিউজ ডেস্ক:

পশ্চিমবঙ্গত যোৱা কেইবাদিনো ধৰি কনিষ্ঠ আৰু জ্যেষ্ঠ চিকিৎসকসকলৰ অনিৰ্দিষ্টকালৰ ধৰ্মঘটৰ ফলত সমগ্ৰ ৰাজ্য জুৰি স্বাস্থ্যসেৱা ভয়ংকৰভাবে বিপৰ্যস্ত হৈ পৰিছে। ইতিমধ্যে ৰাজ্যজুৰি চৰকাৰী চিকিৎসকসকলে গণপদত্যাগ আৰম্ভ কৰাত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। প্ৰাপ্ত বাতৰি মতে ধৰ্মঘটৰ ফলত চিকিৎসাৰ অভাৱত ৬০ জনৰো অধিক ৰোগীয়ে মৃত্যুক সাবটি ল’বলগীয়া হৈছে। আনকি এটি সদ্যজাত তিনিদিনীয়া শিশুৰো চিকিৎসাৰ অভাৱত মৃত্যু ঘটিছে। ধৰ্মঘটকাৰী চিকিৎসকসকলে চিকিৎসালয় সমূহৰ বহিৰ্বিভাগ বাদেই, জৰুৰীকালীন সেৱাও বন্ধ কৰি দিছে। ফলত দুৰ্ঘটনাগ্ৰস্ত বা জৰুৰীকালীন চিকিৎসাসেৱা ল’বলৈ অহা ৰোগীসকলৰেই অধিক সংখ্যাত মৃত্যু ঘটি আছে।nrs1

উল্লেখ্য যে কেইদিনমান পূৰ্বে দুৰ্ঘটনাগ্ৰস্ত এজন মুমূৰ্ষু ৰোগীক কলকাতাৰ নীলৰতন সৰকাৰ হাস্পতালত ভৰ্তি কৰা হৈছিল। ততালিকে চিকিৎসকলে ৰোগীজনক চিকিৎসা সেৱা প্ৰদান নকৰাত ৰোগীজনৰ মৃত্যু হয়। ইয়াৰ পিছতেই ৰোগীৰ আত্মীয়সকলে প্ৰতিবাদত উত্তাল আৰু ক্ৰুদ্ধ হৈ কেইবাজনো কনিষ্ঠ চিকিৎসকক প্ৰহাৰ কৰে।এই ঘটনাৰ পিছতেই নীলৰতন সৰকাৰ হাস্পতালৰ চিকিৎসকসকলে ধৰ্মঘট আৰম্ভ কৰে। তেওঁসোকৰ সমৰ্থনত ৰাজ্যখনৰ আটাইবোৰ হাস্পতালৰ চিকিৎসকসকলে অনিৰ্দিষ্ট কালৰ ধৰ্মঘট আৰম্ভ কৰে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে চিকিৎসকসকলক ধৰ্মঘট প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। কিন্তু তথাপি চিকিৎসকসকলে সঁহাৰি নিদিয়াত মুখ্যমন্ত্ৰীয়ে চিকিৎসকসকলক চাৰি ঘণ্টা সময় বান্ধি দিয়ে। ইয়াৰ ফলত পৰিস্থিতিৰ অধিক অৱনতি ঘটে। ধৰ্মঘটকাৰী চিকিৎসকসকলে অধিক কঠোৰ অৱস্থান গ্ৰহণ কৰে আৰু মুখ্যমন্ত্ৰীয়ে ক্ষমা প্ৰাৰ্থনা কৰিব লাগিব বুলি দাবী জনায়।

ইতিমধ্যে নজিৰবিহীন এই ধৰ্মঘটৰ লগে লগে ৰাজ্যখনৰ বিভিন্ন চৰকাৰী হাস্পতালৰ ১৭০ জনৰো চিকিৎসকে গণ পদত্যাগ কৰিছে। পশ্চিমবঙ্গৰ চিকিৎসকসকলৰ প্ৰ্তি এতিয়া দেশৰ অন্যান্য ৰাজ্যৰ চিকিৎসকসকলেও সমৰ্থন আগবঢ়াইছে।দিল্লীৰ এইমছত পূৰ্বেই সকলো সোৱা বন্ধ কৰি দিয়া হৈছে। মহাৰাষ্ট্ৰত পশ্চিমবঙ্গৰ চিকিৎসকসকলৰ সমৰ্থনত এদিনীয়া ধৰ্মঘট পালন কৰিছে। এতিয়া চিকিৎসকসকলৰ সৰ্বোচ্চ সংস্থা ইণ্ডিয়ান মেডিকেল এছোচিয়েচনে অহা ১৭ জুন সোমবাৰে সমগ্ৰ দেশৰ চিকিৎসালয়ত ধৰ্মঘট পালন কৰিব বুলি ঘোষণা কৰিছে।আনহাতে শুক্রবাৰে ধৰ্মঘটত যোগ দিছে ৰ্উত্তপ্রদেশ, অন্ধ্রপ্রদেশ, তেলঙ্গানা, মহারাষ্ট্র, কেৰা, পঞ্জা, বিহাৰ আৰু অসম-সহ প্ৰয় আটাইবোৰ  ৰাজ্যৰ মেডিকল কলেজ চিকিৎসকসকলেও। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডা. হৰ্ষবৰ্ধনে পৰিস্থিতিৰ এই ধৰণৰ অৱনতিৰ কাৰণে মুখ্যমন্ত্ৰী মমতাক দায়ী কৰাৰ লগতে বিষয়টোক সন্মানৰ নলৈ পৰিস্থিতিক স্বাভাৱিক কৰিবলৈ ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে।

Your Comments