সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তানৰে আলোচনা নকৰাত দৃঢ় প্ৰধানমন্ত্ৰী মোডী: এছচিঅ'ত গুৰুত্বই নিদিলে ইমৰাণ খানক

modi

ছাংহাই সহযোগিতা সন্মিলন(এছচিঅ')ৰ দ্বিতীয় দিনাও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোনো গুৰুত্বই নিদিলে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক।দ্বিতীয় দিনা অন্যান্য ৰাষ্ট্ৰনেতাসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোডী আৰু ইমৰাণ খান ফটো ছেচনত এটা শাৰীত ঠিয় হ'ল যদিও দুয়োৰে মাজত কোনো সৌজন্যসূচক বাৰ্তাৰ আদান-প্ৰদান নহ'ল।বৃহস্পতিবাৰে নিশাৰ আহাৰ গ্ৰহণৰ সময়ত মোডী আৰু খান একেখন মেজত বহিছিল যদিও মোডীয়ে ইয়াতো খানক কোনো গুৰুত্বই প্ৰদান নকৰিলে। 

 

সন্মিলনতে চীনৰ ৰাষ্ট্ৰপতি জি জিনপেঙৰ সন্মুখত প্ৰধানমন্ত্ৰী মোডীয়ে স্পষ্টভাৱে কয় যে পাকিস্তানে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা পৰ্যন্ত দেশখনৰ সৈতে আলোচনা সম্ভৱপৰ নহয়।উল্লেখ্য যে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে ভাৰতৰ সৈতে আলোচনা কৰিবলৈ হামৰাও কাঢ়ি আছে।

Your Comments