কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মহাপ্রয়াণৰ ৫০ বছৰঃ ১১ গৰাকী বিশিষ্ট ব্যক্তিক সম্বর্ধনা জনাব সাহিত্য সভাই

sahitya sava

বৰপেটাৰ পৰা ৰঞ্জিত দাসৰ প্রতিবেদন :
সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মহাপ্রয়াণৰ ৫০ বছৰ পূৰ্ণহোৱা উপলক্ষে অসম সাহিত্য সভাই এইবাৰৰ বিষ্ণু ৰাভা দিৱসটি ভাষা - সাহিত্য , কলা সংস্কৃতিৰ দিন হিচাপে প্রতিফলিত কৰিবলৈ প্রয়াস কৰিছে । এই উদ্দেশ্যে শতবর্ষ গৰকা অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫০ সংখ্যক মৃত্যু দিৱস অৰ্থাৎ ৰাভা দিৱসটি অহা ২০ আৰু ২১ জুনত বিস্তৃত কার্যসূচীৰে যথাক্রমে গুৱাহাটী , তেজপুৰ আৰু বৰপেটাত উদযাপন কৰিবলৈ উদ্যোগ গ্ৰহণ কৰিছে ।

ৰাভা দিৱসৰ এই কার্যসূচীত কলা - সাহিত্যৰ সাধনাৰে অসমৰ জাতীয় জীৱনলৈ অৱদান আগবঢ়োৱাৰ লগতে ৰাভাৰ আভা বিলাই অসমৰ জনজীৱনলৈ সেৱা আগবঢ়োৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বর্ধনা জনােৱা হ’ব । তেজপুৰত অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীত যথাক্রমে -ৰুবি সিংহ , পৃথিৰাজ ৰাভা , হেমৰাজ ৰাভা , পংকজ বৰদলৈ , পূণ্যব্রত দেৱগােস্বামী , বৰপেটাত গোকুল পাঠক , প্রমােদ চন্দ্র ৰায় , গিৰীশ চন্দ্র তালুকদাৰ আৰু গুৱাহাটীত 
দিলীপ হাজৰিকা , গিৰীশ ৰাভা আৰু খনীন বৰুৱাক বিশেষ সম্বর্ধনা জনােৱা হ’ব । ৰাভা দিৱসৰ লগত সংগতি ৰাখি এলানি আলােচনা সত্র , বক্তৃতানুষ্ঠান , সংগীত প্রতিযােগিতা আৰু বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব । সদৌ অসম ভিত্তিত মহাবিদ্যালয় পর্যায়ত অসম সাহিত্য সভাৰ লক্ষ্মীৰাম বৰুৱা সদনত ২০ জুনত সমবেত সংগীত আৰু একক বিষ্ণু ৰাভা সংগীত প্রতিযােগিতাও অনুষ্ঠিত হ’ব ।

২১ জুনৰ সন্ধিয়া গুৱাহাটীৰ জিলা পুথিভঁৰালত বিশিষ্ট শিল্পী ৰমেন চৌধুৰীৰ পৰিচালনাত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত অংশগ্রহণ কৰিব সুদক্ষিণা শর্মা , অপূর্ব দাস , মনীষা হাজৰিকা , পুলক বেনাৰ্জী, কুমাৰ দীপক দাস ,ধনদা পাঠক ,হাচিনা হাজৰিকা , মালৱিকা বৰা, তৰালি শর্মা , বিদ্যাসাগৰ , নির্মালি দাস , ৰূপম ভূঞা, প্রশান্ত ৰাজখােৱা , নাহিদ আফ্রিনে । এই সমূহ কাৰ্যসূচীত সকলো ৰাইজকে অংশগ্রহ কৰিবলৈ কেন্দ্রীয় ৰাভা দিৱস উদযাপন সমিতিৰ সভাপতি কুমাৰ দীপক দাস আৰু সাহিত্য সভাৰ প্রধান সম্পাদক পদুম ৰাজখােৱাই এই বিবৃতিৰ জৰিয়তে অনুৰােধ জনাইছে ।

আনহাতে, সংগীত প্ৰতিযোগিতাৰ সবিশেষ তথ্যৰ বাবে আৰু যোগদানৰ বাবে কেন্দ্ৰীয় ৰাভা দিৱস  সমিতিৰ  সম্পাদক ডঃ সঞ্জীৱ কুমাৰ শৰ্মা ( মো:৭০০২৮৭০৭৬৭) অথবা মানিক আহমেদ ( মোঃ ৯১০১০৬১২৩৫)ৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

Your Comments